danewsplus.com
danewsplus.com

এখন কাজিয়াই শেষ কৰিলে সকলো, মৰিয়াই মাৰিলে এজনক

0 337

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত এজন লোকৰ প্ৰহাৰত প্ৰাণ গ’ল আন এজন লোকৰ৷ প্ৰথমে কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত হয় কাজিয়াৰ সুত্ৰপাত৷ এই ঘটনাত যুগল ৰাজবংশী নামৰ লোকজনে বেয়াকৈ প্ৰহাৰ কৰে নিৰোধ বৰা নামৰ এজন লোকক৷

গুৰুতৰভাৱে আহত নিৰোধ বৰাক ততাতৈয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে লোকজনৰ৷ ঘটনাক কেন্দ্ৰ কৰি কামপুৰৰ মাজৰআটি গাঁৱত বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিৰ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত যুগল ৰাজবংশীক৷ জানিব পৰা মতে, মাটি-বাৰী সন্দৰ্ভতে সূত্ৰপাত হৈছিল কাজিয়াৰ৷

Leave A Reply

Your email address will not be published.