danewsplus.com
danewsplus.com

ভয়ংকৰ অঘটন, বিদ্যুৎস্পৃষ্ট হৈ নিহত ১১গৰাকী দৰ্শনাৰ্থী

0 266

ডিজিটেল ডেস্কঃ আনন্দ-উলাহৰ মাজতে ভয়ংকৰ অঘটন
বিদ্যুৎস্পৃষ্ট হৈ নিহত ১১গৰাকী মন্দিৰ দৰ্শনাৰ্থী
গুৰুতৰভাৱে আহত ১৫গৰাকীৰো অধিক
তামিলনাডুৰ তাঞ্জাভুৰত এই ঘটনা

এক ধৰ্মীয় শোভাযাত্ৰা৷ যাত্ৰাটোত অংশগ্ৰহণ অজস্ৰ ভক্তৰ৷ দেৱীৰ মূৰ্তিক গাড়ীত লৈ শোভাযাত্ৰা কৰিছে ভক্তসকলে৷ তামিলনাডুৰ কালিমেডু চহৰৰ এটা স্থানীয় মন্দিৰৰ দৃশ্য এয়া৷ প্ৰতিবছৰৰ দৰে এইবাৰো এনেদৰে দেৱীৰ মূৰ্তিক লৈ আনন্দ-উলাহেৰে দেৱীক আৰধনা কৰি আগবাঢ়িছে ভকতসকল৷

দেৱীক স্থাপন কৰা গাড়ীখন আগুৱাই গৈ থাকোতেই গাড়ীখনে খুন্দা মাৰে পথৰ কাষত থকা এটা বৈদ্যুতিক খুঁটাত৷ লগে লগে ভক্তসকল সন্মুখীন হয় এটা ভয়ংকৰ দুৰ্ঘটনাৰ৷ বৈদ্যুতিক খুঁটাত খুন্দা মৰাৰ পিছত গাড়ীখনৰ ওপৰত ছিগি পৰে উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ৷ জ্বলি উঠে গাড়ীখন৷ এই ভয়ংকৰ দুৰ্ঘটনাটো বহু ভক্তই প্ৰাণ হেৰুৱাৰ লগতে আন বহু গুৰুতৰভাৱে আহত হয়৷

দুৰ্ঘটনাটোত দেৱী কঢ়িয়াই নিয়া ৰথখনৰ প্ৰায় আধা অংশ অগ্নিদগ্ধ হয়৷আহতসকলৰ উন্নত চিকিৎসাৰ বাবে ওচৰৰে এখন চিকিৎসালয়ত ভৰ্তি কৰায়৷ এই দুৰ্ঘটনাই শোক ছাঁ পেলাইছে অঞ্চলটোত৷ আনহাতে দুৰ্ঘটনাটোত নিহতসকলক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে৷ এককালীন সাহায্য হিচাপে নিহত সকলৰ পৰিয়ালক ২লাখ টকাকৈ কেন্দ্ৰীয় চৰকাৰে আৰু ৫ লাখ টকাকৈ তামিলনাডু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে৷ গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰ টকা দিয়াৰ কথা কয় কেন্দ্ৰীয় চৰকাৰে৷

Leave A Reply

Your email address will not be published.