danewsplus.com
danewsplus.com

অসম বিধানসভাৰ চৌহদত অসমীয়া ভাষাক চৰম অপমান! AIUDFৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ চৰম ধৃষ্টতা

0 312

ডিজিটেল ডেস্কঃ এইবাৰ অসম বিধানসভাৰ চৌহদতে অসমীয়া ভাষাক চূড়ান্ত অপমান৷ খোদ জনপ্ৰতিনিধিয়েই অপমান কৰিছে অসমীয়াক৷ অসমীয়া ভাষাৰ প্ৰতি অৱমাননাসূচক মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছে AIUDFৰ বিধয়াক ছিৰাজুদ্দিন আজমল৷

সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক সন্দৰ্ভত কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকে মন্তব্য বিচাৰিছিল AIUDFৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ পৰা৷ ইংৰাজীতেই প্ৰত্যুত্তৰ দিছিল ছিৰাজুদ্দিনে৷ সাংবাদিকে অসমীয়াত ক’বলৈ কোৱাত ছিৰাজুদ্দিনৰ দাম্ভিক উত্তৰ : ‘অসমীয়াত নকওঁ, আমি ইণ্টাৰনেছনেল মানুহ। মোক দুনিয়াৰ মানুহে জানে’।মুঠৰ ওপৰত অসমীয়া ক’ব নোখোজে অসম বিধানসভাৰ এইজন সদস্যই৷ অৱশ্যে সাংবাদিকে বাৰে বাৰে অসমীয়াৰ প্ৰসংগ উত্থাপন কৰাত ঠাইতে সুৰ সলালে ছিৰাজুদ্দিনে। অসমৰ এটা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধি হৈয়ো অসমীয়া ভাষাৰ প্ৰতি ছিৰাজুদ্দিন আজমলে প্ৰদৰ্শন কৰা এই আচৰণত এতিয়া জাঙুৰ খাই উঠিছে অসমৰ জনতা৷

Leave A Reply

Your email address will not be published.