danewsplus.com
danewsplus.com

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

0 231

ডিজিটেল ডেস্কঃ দশম দিনত নৱমবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।পুনৰ প্ৰতিলিটাৰ পেট্ৰ’লত বাঢ়িল ৮৯ পইচা। প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি ৮৪ পইচাকৈ। ইউক্ৰেইনত যুদ্ধ ৷ মাধমাৰ পৰিছে আমাৰ দেশত ৷ জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই ১০টা দিনত ৯বাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ৷
বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০১.৬৭ টকা
গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৭.৫৯ টকা
ৰাজ্যৰ ভিতৰত ঢকুৱাখনাত সৰ্বাধিক পেট্ৰ’লৰ মূল্য ১০৪.৯৯ টকা
ঢকুৱাখনাত ডিজেলৰ মূল্য ৯০.৬৯ টকা

এনেদৰে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷ ৰাজ্যৰ ভিতৰত সৰ্বাধিক পেট্ৰ’ল-ডিজেলৰ দাম উঠা ঢকুৱাখনাত তীব্ৰ বিখোদগাৰৰ সৃষ্টি হৈছে ৷
বৰপেটাতো একেই প্ৰতিক্ৰিয়া গ্ৰাহকৰ ৷ দুধনৈ, জোনাই, ৰহাৰ ৰাইজেও ধিক্কাৰ দিলে চৰকাৰক ৷ নাওবৈচাৰ ৰাইজেও প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷
সকলোৰে আহ্বান- শীঘ্ৰে হ্ৰাস নিয়ন্ত্ৰণ কৰক পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ পূৰ্বে পেট্ৰ’লত ইথানল ব্যৱহাৰ কৰাত ইন্ধনৰ দাম হ্ৰাস পাব বুলি ভবা হৈছিল যদিও, সেয়া নহৈ ওলোটাহে হৈছে।

Leave A Reply

Your email address will not be published.