danewsplus.com
danewsplus.com

অসম তথা উত্তৰ পূৰ্ৱত প্ৰত্যাহাৰ হ’ব AFSPA!

0 165

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলত জাপি থোৱা Armed Forces (Special Powers) Act (AFSPA) অৰ্থাৎ সশস্ত্ৰ সেনা বাহিনী বিশেষ আইন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত। কুখ্যাত ক’লা আইনৰূপে অভিহিত AFSPA প্ৰত্যাহাৰ নকৰিলেও AFSPAৰ এলেকাৰ সীমা হ্ৰাস কৰিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিটা টুইটযোগে কেন্দ্ৰৰ সিদ্ধান্ত সদৰী কৰিছে৷ উল্লেখ্য যে অসমৰ লগতে নাগালেণ্ড, মণিপুৰত প্ৰযোজ্য হ’ব কেন্দ্ৰৰ এই সিদ্ধান্ত৷ অৱশ্যে বিভিন্ন সংগঠনে কেন্দ্ৰৰ সিদ্ধান্তক আদৰণি জনালেও ক’লা আইনখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ দাবী তুলিছে৷

AFSPA অৰ্থাৎ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰথম প্ৰযোজ্য হৈছিল অসমত৷ তেতিয়াৰ অসমৰ অন্তৰ্ভুক্ত নগা পাহাৰৰ বিদ্ৰোহীৰ সৈতে মোকাবিলা কৰাৰ বাবে এই কুখ্যাত আইনখন অসমত প্ৰৱৰ্তন কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ ১৯৫৮ চনৰ ১১ ছেপ্টেম্বৰত প্ৰৱৰ্তন হৈছিল এই আইন। অসম, নাগালেণ্ড, মণিপুৰত প্ৰযোজ্য হোৱা এই আইনখনৰ লগত অন্তৰ্ভুক্ত হৈছিল অৰুণাচলৰ চাংলাং, লংডিং, টিৰাপ জিলা।

আইনখন প্ৰযোজ্য হোৱাৰ পিছত বিশেষ ক্ষমতা লাভ কৰা সেনাসহ সশস্ত্ৰ বাহিনীৰ অত্যাচাৰৰ সাধাৰণ জনতা বলি হোৱাৰ গুৰুতৰ অভিযোগ দীৰ্ঘদিনৰ উত্থাপন হৈ আহিছে৷ বিশেষকৈ অসম আন্দোলনৰ সময়ত সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে মানৱ অধিকাৰ লুণ্ঠনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ উগ্ৰপন্থী সন্দৰ্ভত বহু নীৰিহ লোক হত্যা, ধৰ্ষণৰ বলি হৈছিল৷ একে অভিযোগ উত্থাপন হৈছিল মণিপুৰ, নাগালেণ্ডতো৷ AFSPA প্ৰত্যাহাৰ কৰা হ’ব বুলি বিজেপি, কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া ফুটুকাৰ-ফেনত পৰিণত হৈছে৷ কিন্তু শেহতীয়াকৈ নৰেন্দ্ৰ মোদী চৰকাৰে AFSPA সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ পৰিৱৰ্তে AFSPAই সামৰি লোৱা এলেকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷

উল্লেখযোগ্য যে, বিষয়টো অধিক চৰ্চালৈ আহিল শেহতীয়াকৈ যেতিয়া নাগালেণ্ডৰ মন জিলাত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ সন্দেহত বহু কেইগৰাকী সাধাৰণ নাগৰিকক হত্যা কৰা সময়ত।

অৱশ্যে আন কেতবোৰ সংগঠনে কেন্দ্ৰৰ সিদ্ধান্তক আদৰণি জনায়ো এই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ কৰিবলৈহে দাবী জনাইছে৷

Leave A Reply

Your email address will not be published.