danewsplus.com
danewsplus.com

শেষ হ’ব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ!

0 214

ডিজিটেল ডেস্কঃ তুৰস্কৰৰ আলোচনাৰ পিছত আশাৰ সঞ্চাৰ
কীভ, চেৰনিহিভত সেনা হ্ৰাস কৰিছে ৰাছিয়াই
সন্দেহ আঁতৰা নাই, যুদ্ধ অব্যাহত
এতিয়াও ইউক্ৰেইনত চলি আছে ৰাছিয়াৰ গোলাবৰ্ষণ ৷ মাৰিঅ’পল সম্পূৰ্ণৰূপে ৰাছিয়াৰ দখলত ৷ ইয়াৰ মাজতেই তুৰস্কৰত অনুষ্ঠিত হ’ল ৰাছিয়া-ইউক্ৰেইনৰ প্ৰতিনিধিৰ বৈঠক ৷ এৰা-ধৰাৰ মাজেৰে যুদ্ধ শেষ কৰাৰ এক পৰিৱেশ গঢ় দিয়াৰ চেষ্টা দুই পক্ষৰ ৷ আলোচনাৰ পিছতে কীভ আৰু চেৰনিহিভৰ পৰা কিছু সেনা আঁতৰাই নিছে ৰাছিয়াই ৷ কীভ এৰি ৰুছ সেনা উভতিছে বেলাৰুছৰ দিশে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়েও আলোচনা ইতিবাচক বুলি মন্তব্য কৰিছে ৷ এক নিৰপেক্ষ দেশত জেলেনস্কী আৰু ভ্লাদিমিৰ পুটিন আলোচনাত বহাৰো সম্ভাৱনা আছে ৷ অৱশ্যে এতিয়াও সেই পৰিৱেশ সৃষ্টি হোৱা নাই৷ আলোচনাত ৰাছিয়াই চৰ্ত দিলে।

ভৱিষ্যতে নিৰপেক্ষ হৈ থাকিব লাগিব ইউক্ৰেইন
অন্যান্য দেশৰ নিৰাপত্তাও সুনিশ্চিত হ’ব লাগিব, আহ্বান ইউক্ৰেইনৰ

আলোচনাত ইউক্ৰেইনৰ চৰ্ত আছিল নাটোৰ সদস্যৰ দৰেই ভৱিষ্যতে সুৰক্ষিত হ’ব লাগিব ইউক্ৰেইন ৷ সম্ভৱতঃ দুই দেশৰ মাজত বহুখিনি বুজাপৰা হৈছিল ৷ যাৰ বাবে কিছুসংখ্যক হ’লেও সেনা পিছুৱাই নিছে ৰাছিয়াই ৷ কিন্তু আমেৰিকা আৰু পশ্চিমীয়া দেশে ৰাছিয়াৰ ওপৰত এতিয়াও কঠোৰ স্থিতি লোৱাৰ বাবে তৎপৰ হৈ আছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইউৰোপীয় দেশৰে আলোচনাত মিলিত হোৱাৰ পিছতে কেইবাখনো দেশৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সেই দেশ এৰিবলৈ বাধ্য কৰিছে ৷ আমেৰিকাৰ অভিযোগ ৰাছিয়াই আন কিবা বৃহৎ অঘটন ঘটোৱাৰ পৰিকল্পনাৰেহে কীভৰ পৰা সেনা আঁতৰাই নিছে ৷ ইফালে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়েও ৰাছিয়াৰ ওপৰত বিশ্বাস ৰাখিব পৰা নাই৷ কাৰণ, এতিয়াও ইউক্ৰেইনত গৰজি আছে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ, যুদ্ধ বিমানে ৷

Leave A Reply

Your email address will not be published.