danewsplus.com
danewsplus.com

যুদ্ধই বিপৰ্যস্ত কৰিছে ইউক্ৰেইনৰ শিশুৰ জীৱন

0 341

ডিজিটেল ডেস্কঃ ইউক্ৰেইনক লৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য । যুদ্ধই বিপৰ্যস্ত কৰিছে ইউক্ৰেইনৰ শিশুৰ জীৱন। দেশখনৰ অৰ্ধেকৰ বেছি শিশু এতিয়া গৃহহাৰা। ইয়াৰ মাজতে আৰু এখন চহৰ ৰাছিয়াৰ দখললৈ।

যুদ্ধত ইউক্ৰেইনৰ বহু হাজাৰ নিৰীহৰ মৃত্যু হৈছে। দুই দেশৰ যুদ্ধত মৃত্যু হৈছে ১৩৬টা ইউক্ৰেইনী শিশুৰ।
ইউক্ৰেইনৰ ৭৫ লাখ শিশুৰ ৪০ লাখেই গৃহহাৰা। বহু শিশুৰ পিতৃ-মাতৃ জীৱিত অৱস্থাত নাই । আন একাংশ শিশুৱে হেৰুৱাইছে পিতৃক। ৫০০ৰ বেছি স্কুল-শিক্ষানুষ্ঠানত ৰাছিয়াৰ আক্ৰমণ।

যুদ্ধ বন্ধ কৰাৰ বাবে ৰাছিয়াক নিৰ্দেশ আন্তৰ্জাতিক আদালতৰ । ইউৰোপ, আমেৰিকায়ো দিনে দিনে বঢ়াইছে নিষেধাজ্ঞা। তথাপিও যুদ্ধ বন্ধ কৰাৰ ইংগিত দিয়া নাই মস্কোই। কীভৰ উত্তৰে শ্লাভুটিছ চহৰত আক্ৰমণ ৰুছ সেনাৰ। চহৰখন প্ৰায় দখললৈ নিছে ৰুছ বাহিনীয়ে।

Leave A Reply

Your email address will not be published.