danewsplus.com
danewsplus.com

বৰষাৰাণীৰ অনুৰাগীলৈ দুঃখবৰ! এইবেলি বিহুৰ পৰা আঁতৰি থাকিব বৰষা, কিন্তু কিয়?

0 890

ডিজিটেল ডেস্কঃ সমাগত হেঁপাহৰ ৰঙালী বিহু । চেনেহৰ বিহুতিক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে ৰাজ্যবাসী। কিন্তু এইবেলি বিহুৰ পৰা আতৰি থাকিব জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া । এইবাৰ ৰঙালী বিহুৰ মঞ্চত ৰাইজে দেখিবলৈ নাপাব অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বিহু নৃত্য ৷

কঁকালৰ বিষত ভুগি থকাৰ বাবে এইবাৰ বিহুৰ পৰা আঁতৰি থাকিব অভিনেত্ৰীগৰাকী ৷ হাজোৰ দমদমাত পাট কাপোৰৰ এখন বিপণীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এইকথা প্ৰকাশ কৰে তেওঁ ৷ ইয়াৰ উপৰিও তেওঁ কয় যে পাট আৰু মূগা সুতাৰ চৰা দামৰ বাবে অসুবিধাত পৰিছে শিপিনীসকল ৷ চালানী গামোচাই অসমৰ অসমৰ হস্ততাঁত শিল্পলৈ ভাবুকি কঢ়িয়াই অনা বুলিও মন্তব্য কৰে তেওঁ ৷

Leave A Reply

Your email address will not be published.