danewsplus.com
danewsplus.com

বৃক্ক ৰোগীৰ বাবে সুখবৰ! ৱৰ্ল্ড কিডনী দিৱসৰ দিনাই ডিব্ৰুগড়ত দেশৰ প্ৰথমটো হেল্পলাইন নম্বৰ মুকলি

0 320

ডিজিটেল ডেস্কঃ জনসাধাৰণৰ স্বাস্থ্য আৰু চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত দীৰ্ঘদিন কাম কৰা ডিব্ৰুগড়ৰ হেনলেৰছ লুপ ফাউণ্ডেচন ( Henle’s Loop Foundation and Dibrugarh Swastha Hospital)আৰু ডিব্ৰুগড়ৰ স্বাস্থ্য হস্পিতালৰ চিকিৎসালয়ৰ সহযোগত, বৃক্ক ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বৃক্কৰ হেল্পলাইন নম্বৰ, 896 896 6311 মুকলি কৰিছে।আজি বিশ্ব বৃক্ক দিৱস দিনাই আনুষ্ঠানিক ভাৱে ডিব্ৰুগড়ৰ ট্ৰি কাউন্টিৰ হোটেলৰ সভাকক্ষত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যাল অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে শুভ উদ্বোধন কৰে। বৃক্ক আক্ৰান্ত তথা পৰিয়ালৰ লোক সকলক শিক্ষিত কৰা আৰু সাধাৰণ লোকসকলৰ মাজত বৃক্কৰ ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে মুকলি কৰা টোল-ফ্ৰী সহায় নম্বৰটো “বিশ্ব বৃক্ক দিৱস”ৰ সৈতে সংগতি ৰাখি মুকলি কৰা হৈছে। বৃক্কৰ মুখ্য ৰোগ, তেওঁলোকৰ চিকিৎসাৰ বিকল্প আৰু লগতে বৃক্কৰ ৰোগ প্ৰতিৰোধৰ বিষয়ে জনাৰ বাবে যিকোনো প্ৰান্তৰ পৰা যিকোনো লোকে এই টোল-ফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিব পাৰি ডাঃ কাকতিয়ে শুভেচ্ছা জনাই আৰু এই কৰ্মৰ বাবে শলাগ লয়।

নেফ্ৰোলজিষ্ট ডাঃ দিব্যজ্যোতি কলিতাই জানিবলৈ দিয়ামতে, ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ প্ৰচলন বৃদ্ধি হোৱাৰ উপৰিও বৃক্কৰ ৰোগ, বিশেষকৈ দীৰ্ঘম্যাদী বৃক্কৰ ৰোগ আৰু বৃদ্ধি পোৱালৈ চাই ভাৰতত এনে ধৰণৰ প্ৰথমটো কিডনী হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ সক্ষম হোৱাৰ বাবে অত্যন্ত গৌৰৱান্বিত।বৃক্কৰ ৰোগ, আহাৰ আৰু ডায়েলাইচিছ/ বৃক্ক-প্ৰতিস্থাপন চিকিৎসা সম্পৰ্কীয় প্ৰশ্নবোৰৰ বিষয়ে সাধাৰণ তথ্য সম্পৰ্কে মানুহৰ থাকিব পৰা বিভ্ৰান্তি দূৰ কৰাত ই সহায়ক হ’ব বুলিও তেখেতে জনায়।উল্লেখ্য যে, ডিব্ৰুগড়ৰ পৰা মুকলি কৰা হেল্পলাইন নম্বৰটোৱে দেশৰ বহুতো বিশিষ্ট নেফ্ৰোলজিষ্টক একত্ৰিত কৰিছে।ডাঃ কৰণ সৰাফ (গুৱাহাটী), ডাঃ অতনু পাল (কলকাতা), ডাঃ আনন্দ জৈন (শিলিগুৰি), ডাঃ নবীন বাৰ্ণৱাল (ৰাঁচী), ডাঃ ৰাহুল কাঞ্জিলাল (দুৰ্গাপুৰ)য়ে “সকলোৰে বাবে বৃক্কৰ স্বাস্থ্য” প্ৰচাৰৰ দিশত সহযোগ আগবঢ়াইছে। হেনলৰ লুপ ফাউণ্ডেচনৰ ডাঃ জ্যোতিস্মিতা পাঠকে এই পদক্ষেপৰ জৰিয়তে আক্ৰান্ত ৰোগীৰ উন্নত মানদণ্ডৰ বৃক্কৰ যত্ন আৰু জ্ঞানৰ কাষ চাপিবলৈ সহায়ক হব বুলি আশা কৰে।পূৱ ভাৰতত আমাৰ বাবে এয়া সঁচাকৈয়ে এক গৌৰৱৰ মুহূৰ্ত।

Leave A Reply

Your email address will not be published.