danewsplus.com
danewsplus.com

মাজুলীৰ উপ-নিৰ্বাচন! কোনে মাৰিব শেষ হাঁহি?

0 114

ডিজিটেল ডেস্কঃ আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ। উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ ভুবন গাম আৰু অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু SUCIৰ প্ৰাৰ্থী ভাইটি ৰিছঙে৷ উপ নিৰ্বাচনত ১,৩৩,২২৭জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। তাৰ ভিতৰত পুৰুষ ভোটাৰ ৬৭,৮১৯, মহিলা ভোটাৰ ৬৫,৪০৮গৰাকী। ২০৩টা ভোটকেন্দ্ৰত পুৱাৰে পৰা চলিছে ভোটগ্ৰহণ। ১৫টা ভোটকেন্দ্ৰৰ দায়িত্বত আছে কেৱল মহিলা। ১০ মাৰ্চত ঘোষণা হ’ব মাজুলীৰ উপ-নিৰ্বাচনৰ ফলাফল। মাজুলীৰ ৰাইজে কাৰ মুখত হাঁহি বিৰিঙাব সেইটো লক্ষণীয় হ’ব।

Leave A Reply

Your email address will not be published.