danewsplus.com
danewsplus.com

দিল্লীৱালাই অসমত মেলিছে প্ৰৱঞ্চনাৰ জাল! নকল ঔষধেৰে ভৰিছে ৰাজ্যৰ একাংশ ফাৰ্মাচী

0 333

ডিজিটেল ডেস্কঃ ৰাজ্যত নকল ঔষধেৰে ভৰিছে ৰাজ্য৷ ফাৰ্মাচীয়ে ফাৰ্মাচীয়ে ভৰি পৰিছে নকল ঔষধে৷ দক্ষিন কামৰূপৰ সোনতলীত জব্দ হ’ল বৃহৎ পৰিমানৰ নকল ঔষধ৷ দিল্লীৰ প্ৰৱঞ্চকে ৰাজ্যত মেলি দিছে নকল ঔষধ৷ শেহতীয়াকৈ দক্ষিণ কামৰূপৰ সোণতলীত জব্দ হোৱা ৯৫৭ কাৰ্টন নকল ঔষধ খবৰে স্তম্ভিত কৰিছে সকলোকে। এই দুষ্কাৰ্য দীৰ্ঘদিন ধৰি চলাইছিল দিল্লীৰ দুই প্ৰৱঞ্চকে। দিল্লীৰ অমিত কুমাৰ শৰ্মা আৰু অঞ্জুমা কুমাৰ শৰ্মা নামৰ দুই প্ৰৱঞ্চকে দক্ষিণ কামৰূপৰ সোণতলীৰ মাহতলী বজাৰত সাজিছিল নকল ঔষধৰ ভাণ্ডাৰ। প্ৰৱঞ্চক দুটাই বিশেষকৈ সংখ্যালঘু এলেকাত পাতিছিল নকল ঔষধৰ বেহা। প্ৰকৃত কোম্পানীৰ ট্ৰেড মাৰ্ক জালিয়াতি কৰি হুবহু নকল ঔষধ প্ৰস্তুত কৰি দীৰ্ঘদিনে জীৱন দায়িনী ঔষধৰ নামত হেতালি খেলিছিল এই দুই মহাপ্ৰৱঞ্চকে।

এই সন্দৰ্ভত কলকতাৰ ডাঃ বিশ্বাস ঔষধ কোম্পানীৰ অধিবক্তাই যোৱা ২৮ ফেব্ৰুৱাৰীত বকো আৰক্ষী থানাত এই দুই প্ৰৱঞ্চকৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত বকো-সোণতলী আৰক্ষী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই নকল ঔষধ প্ৰস্তুত কৰি সোণতলীত গোপনে মজুত কৰি ৰখা গুদাম ঘৰ দুটাত বৃহস্পতিবাৰে বিয়লি অভিযান চলায় । অভিযানত ডাঃ বিশ্বাস কোম্পানীৰ ঔষধ হুবহু নকল কৰি মজুত কৰি ৰখা গুদাম ঘৰ দুটা ছীল কৰে আৰক্ষীয়ে। অৱশ্যে নকল ঔষধ প্ৰস্তুতকাৰী দুই দিল্লীৱালা প্ৰৱঞ্চকক এইপৰ্যন্ত আটক কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই । আৰক্ষীৰ অভিযানৰ উমান পাইয়েই ইতিমধ্যে সোণতলীৰ পৰা পলায়ন কৰিছে এই দুজন দিল্লীৱালা প্ৰৱঞ্চকে৷ গতিকে ফাৰ্মাচীৰ পৰা ঔষধ কিনোতে আপুনিও হওক সতৰ্ক আৰু সাৱধান।

Leave A Reply

Your email address will not be published.