danewsplus.com
danewsplus.com

চীনৰ বিৰুদ্ধে অৰুণাচলৰ গাঁওৱাসীৰ প্ৰতিবাদ !

0 365

ডিজিটেল ডেস্কঃ ১৫ বছৰৰ পূৰ্বে চীনা সৈন্যই অপহৰণ কৰা অৰুণাচলী যুৱকক মুক্তিৰ দাবীত সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰিলে অৰুণাচলৰ লোকে৷ চীনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অৰুণাচলীয়ে অপহৰণৰ অভিযোগেৰে কৰিলে প্ৰতিবাদ৷ অৰুণাচলত চীন-ভাৰতৰ উন্মুক্ত সীমান্তৰে স্থানীয় লোকৰ আহ-যাহৰ ঘটনা মাজে সময়ে চলি থাকে৷ ৭ বছৰ পূৰ্বে অৰুণাচলৰ যুৱক তাপৰ পুল্লম চিকাৰৰ সন্ধানত গৈছিল আন্তৰ্জাতিক সীমান্তৰ সমীপলৈ৷ চিকাৰ অভিযানত ব্যস্ত থকাৰ সময়তে তাপৰ পুল্লমক চীনা সেনা পিপ’লছ লিবাৰেচন আৰ্মীয়ে কৰায়ত্ত কৰি লৈ গৈছিল৷ ইয়াৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে অৰুণাচলী যুৱক তাপৰ পুল্লম৷ এই ঘটনা সংঘটিত হৈছিল অৰুণাচলৰ ছি-য়মী জিলাৰ মণিগং এলেকাত৷ শুকুৰবাৰে তাপৰ পুল্লমৰ মুক্তিৰ দিয়াৰ দাবীত স্থানীয় লোকে এইদৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ আপাৰ চিয়াং জিলাৰ ১৭ বছৰীয়া যুৱক মিৰম তেৰণক PLA কৰায়ত্ত কৰাক লৈ ভাৰতৰ প্ৰতিবাদত পিছত চীনা সেনাই তেওঁক মুকলি কৰি দিছিল৷ এতিয়া তাপৰ পুল্লমৰ পৰিয়ালবৰ্গই স্থানীয় গাঁওবাসীৰ সহযোগত তাপৰৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ চীনৰ আন্তৰ্জাতিক সীমান্তৰ সমীপত অৰুণাচলী জনতাৰ এই প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে৷ এই প্ৰতিবাদৰ প্ৰতি ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ চীনে কি সঁহাৰি জনায় সেয়া হ’ব লক্ষণীয়৷

Leave A Reply

Your email address will not be published.