danewsplus.com
danewsplus.com

অভিনেতা ফাৰহান আখতাৰৰ বিয়া, কইনা কোন জানেনে ?

0 322

ডিজিটেল ডেস্কঃ বলীউডত চলিছে বিবাহৰ ট্ৰেন্ড । বিকী কৌশল আৰু কেটৰীণাৰ বিয়া পিছত এইবাৰ বিয়াৰ বাবে সাজু হৈছে অভিনেতা ফাৰহান আখতাৰ। পিছে কইনা কোন জানেনে? দীৰ্ঘদিনীয়া প্ৰেমিকা শিবানী ডান্ডেকৰ সৈতে বিয়াৰ বাবে সাজু হৈছে ফাৰহান আখতাৰ।

চাৰিবছৰ ধৰি প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই আছিল অভিনেতা-পৰিচালক ফাৰহান আৰু গায়িকা শিবানী। দীৰ্ঘদিনীয়া সম্পৰ্কত থকাৰ পিছত বিয়াৰ বাবে সাজু দুয়ো। ২১ ফেব্রুৱাৰী আইনী বিয়াৰ পুৰ্বেই হ’ব মহাৰাষ্ট্রীত বিয়াৰ অনুষ্ঠান। ইতিমধ্যে বিয়াৰ প্ৰস্তুতি তুংগত । প্ৰস্তুত কৰা হৈছে অতিথিৰ তালিকা। শুকুৰবাৰে মহাৰাষ্ট্রৰ খন্ডালাৰ দিশে ৰাওনা হৈছে আখতাৰ আৰু ডান্ডেকৰ পৰিয়াল।

জানিব পৰা মতে, ২১ ফেব্রুৱাৰি জুহুত থকা বাসগৃহত আইনি প্ৰক্ৰিয়াৰে বিবাহপাশত আবদ্ধ হ’ব ফাৰহান-শিবানী। তাৰ পূৰ্বেই শনিবাৰে, ১৯ তাৰিখে মাৰাঠী ৰীতিৰে বিয়া হ’ব এই দুই তাৰকা।

ইয়াৰ উপৰিও এই বছৰৰ মাজ ভাগত তিনি বান্ধবীৰ ৰোডট্রিপৰ কাহিনিৰে ছবি ‘জি লে জৰা’ৰ কাম আৰম্ভ কৰিব ফাৰহানে। ২০২৩ ত মুক্তি দিয়াৰ কথা আলিয়া ভট্ট, কেটৰীণা কাইফ আৰু প্রিয়ঙ্কা চোপ্ৰা অভিনীত এই ছবিখন ।

Leave A Reply

Your email address will not be published.