danewsplus.com
danewsplus.com

কাৰ প্ৰেমত পৰিলে ৰাখি সাৱন্ত! কেমেৰাৰ আগত চুমা খাই এৰিলে স্বামীক

0 150

ডিজিটেল ডেস্কঃ পুনৰ চৰ্চাত ৰাখি সাৱন্ত। প্রেম দিৱসৰ প্ৰাকক্ষণত স্বামী ৰীতেশৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিলে ৰাখি সাৱন্তে।

‘বিগ বছ ১৫’ শেষ হোৱাৰ পিছত ৰাখি আৰু ৰীতেশক বহুবাৰ একেলগে দেখা গৈছিল। শমিতা ছেট্টিৰ জন্মদিনতো দুয়োজনক একেলগে দেখা গৈছিল। কিন্তু প্রেম দিৱসৰ আগদিনাই সকলোকে আচৰিত কৰি স্বামী ৰীতেশৰ সৈতে বিবাহবিচ্ছেদৰ ঘোষণা কৰিলে ৰাখি সাৱন্ত।

দেওবাৰে সামাজিক মাধ্যমত বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ কৰিলে অভিনেত্ৰী গৰাকীয়ে।‘বিগ বছ ১৫’-ৰ মঞ্চত প্রথমবাৰলৈ স্বামী ৰীতেশক অনুৰাগীৰ সৈতে চিনাকি কৰাই দিছিল ৰাখি সাৱন্তে ।দুয়োৰে মাজৰ মৰম স্নেহৰ মুহুৰ্ত প্ৰায়ে চৰ্চা হৈছিল সামাজিক মাধ্যমত। কিন্তু ‘বিগ বছ ১৫’ শেষ হোৱাৰ কিছু দিনৰ পিছতেই ইনষ্টাগ্রামৰ জৰিয়তে বিচ্ছেদৰ কথা ঘোষণা কৰিলে বলীউডৰ অভিনেত্ৰী গৰাকীয়ে।

দেওবাৰে ৰাখি সাৱন্তে ইনষ্টাগ্রাম পোষ্টত এইদৰে লিখিছিল, ‘বিগ বছ শেষ হোৱাৰ পিছত আমাৰ মাজত বহু মতানৈক্য হৈছিল। যিবোৰ আমাৰ নিয়ন্ত্ৰণত নাছিল।সেয়েহে আমি পৃথক হ’ব বিচাৰিছো’।
উল্লেখ্য যে ‘বিগ বছ ১৫’-ত প্রতিযোগী হিচাপে অংশগ্রহণ কৰিছিল ৰাখি শ্ৰাৱন্তে , প্রসঙ্গমৰ্মে ৰীতেশে ‘বিগ বছ ১৪’-তে প্রতিযোগী হিচাপে অংশ লৈছিল । প্রেম দিৱসৰ প্ৰাকক্ষণতেই বিবাহবিচ্ছেদৰ সিদ্ধান্ত কিমান কঠিন আছিল,সেই কথাও উল্লেখ কৰিছে অভিনেত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.