danewsplus.com
danewsplus.com

কেনেকৈ খহি পৰিল হাউছিং কমপ্লেক্সৰ এপাৰ্টমেণ্ট বিল্ডিঙৰ চাদ?

0 317

ডিজিটেল ডেস্কঃ হঠাৎ খহি পৰিল এটা হাউছিং কমপ্লেক্সৰ এপাৰ্টমেণ্ট বিল্ডিঙৰ চাদ৷ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন লোকে৷ হাৰিয়ানাৰ গুৰুগ্ৰামৰ ১০৯ নম্বৰ ছেক্টৰৰ চিণ্টেলছ পেৰাডিছো হাউছিং কমপ্লেক্সৰ এটা এপাৰ্টমেণ্ট বিল্ডিংত ঘটিল এই অঘটন৷

এই এপাৰ্টমেণ্ট বিল্ডিংটোৰ ষষ্ঠ মহলাৰ এটা ফ্লেটত চলি আছিল মেৰামতিৰ কাম৷ তেতিয়াই খহি পৰে চাদ৷ গ্ৰাউণ্ড ফ্ল’ৰলৈকে আটাইকেইটা ফ্ল’ৰৰ চাদ খহি পৰে হঠাতে৷ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুজন লোকে৷ আবদ্ধ হৈ পৰে আন কেইবাজনো৷ তলৰ ফ্লেটকেইটা খালী থকাৰ বাবে ভয়ংকৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল বহু লোক৷ এই দুৰ্ঘটনাৰ বাবে বিল্ডাৰক জগৰীয়া কৰিছে বাসিন্দাসকলে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে এই দুৰ্ঘটনাত৷

Leave A Reply

Your email address will not be published.