danewsplus.com
danewsplus.com

কংগ্ৰেছৰ আমোলাতে শিক্ষানুষ্ঠানত ধৰ্মীয় বিতৰ্ক সোমাইছে’- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

0 126

ডিজিটেল ডেস্কঃ শুকুৰবাৰে উত্তৰাখণ্ডত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশ লয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ ডেৰাডুনত দুৱাৰে দুৱাৰে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী শৰ্মাই ৷ নিৰ্বাচনী প্ৰচাৰৰ প্ৰাকক্ষণত সংবাদমেল যোগে কংগ্ৰেছ তথা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৷ কংগ্ৰেছ দলক টুকৰে টুকৰে গেঙৰ মূল কাণ্ডাৰী আখ্যা দিয়াৰ লগতে কংগ্ৰেছে দেশক এখন পূৰ্ণাংগ ৰাষ্ট্ৰ হিচাপে নিবিচাৰে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

কংগ্ৰেছে মুছলমানক লৈ সংখ্যালঘুৰ ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছৰ ৰাজনীতিৰ বাবে সমগ্ৰ মুছলমান সমাজৰে ক্ষতি হৈছে বুলি মত পোষণ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৷ দেশত অব্যাহত থকা হিজাব বিতৰ্ক লৈয়ো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

শিক্ষানুষ্ঠানত হিজাব পিন্ধাক লৈ কংগ্ৰেছেহে ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷ হিজাবক লৈ বিতৰ্ক হ’ব নালাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, শিক্ষানুষ্ঠানত জ্ঞানক লৈ চৰ্চা আৰু বিতৰ্ক হ’ব লাগে ৷ হিজাবক লৈ নহয় ৷ তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে অংশ লয় এখন ৰাজহুৱা সভাত৷ সভাতো কংগ্ৰেছক টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৷ মন কৰিবলগীয়া যে, ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰাখণ্ডৰ নিৰ্বাচন ৷

Leave A Reply

Your email address will not be published.