danewsplus.com
danewsplus.com

নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত ভাৰতীয় মহিলা দল

0 125

ডিজিটেল ডেস্কঃ নিউজিলেণ্ড মহিলা দলৰ বিপক্ষে আজি অনুষ্ঠিত হোৱা টি-২০ মেচখনত পৰাস্ত হৈছে ভাৰতৰ মহিলা দল৷ কুইন্সটনত আয়োজিত শৃংখলাৰ একমাত্ৰ টি-২০ মেচখনত ১৮ ৰানত পৰাস্ত হয় ভাৰত৷ মেচখনত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত সংগ্ৰহ কৰে ১৫৫ ৰান৷ ভাৰতৰ য়াছটিকা ভাটিয়াই ২৬ আৰু ছাভিনানি মেঘনাই ৩৭ ৰান কৰাৰ বিপৰীতে বাকী বেটছমেন ব্যৰ্থ হয়৷ ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৩৭ ৰানতে ইনিংছ সামৰে৷ ইফালে, ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰত-নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ এদিনীয়া শৃংখলা৷ এদিনীয়া শৃংখলাত ৫খন মেচত অৱতীৰ্ণ হ’ব দুয়ো দল৷

Leave A Reply

Your email address will not be published.