danewsplus.com
danewsplus.com

মুকেশ আম্বানীতকৈ ধনী হ’ল গৌতম আদানী

0 124

ডিজিটেল ডেস্কঃ আদানী এতিয়া ভাৰতৰে নহয়, সমগ্ৰ এছিয়াৰে আটাইতকৈ ধনী ব্যক্তি হিচাপে স্বীকৃতি পালে৷ বিশ্বৰ শীৰ্ষ ১০ ধনী ব্যক্তিৰ তালিকাতো সোমাল গৌতম আদানী৷ এই তালিকাৰপৰা স্থানচ্যুত হ’ল মুকেশ আম্বানীৰ৷ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৮৭.৯ বিলিয়ন ডলাৰ আৰু আদানীৰ সম্পত্তিৰ পৰিমাণ ৮৮.৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি।

দীৰ্ঘ দিনে ভাৰতীয় অৰ্থনীতিত দপদপাই থকা মুকেশ আম্বানীক চেৰ পেলালে গৌতম আদানীয়ে৷ আদানীৰ শেহতীয়া প্ৰাচুৰ্যই পিছ পেলালে মুকেশ আম্বানীক৷ ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সত প্ৰকাশিত তথ্য অনুসৰি সম্পত্তিৰ পৰিমাণৰে মুকেশ আম্বানীক চেৰ পেলাই গৌতম আদানীয়ে ভাৰতৰে নহয় সমগ্ৰ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত হৈছে৷ যোৱা ১৪ বছৰে মুকেশ আম্বানী ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰূপে চিহ্নিত হৈ আছিল৷ যোৱা বছৰত ১২ বিলিয়ন ডলাৰ সম্পত্তি বৃদ্ধিৰে ৫৯ বছৰীয়া গৌতম আদানীয়ে বছৰটোত বিশ্বৰ ভিতৰতে আটাইতকৈ সম্পত্তি বৃদ্ধি কৰা বিলিয়নাৰ হিচাপে চিহ্নিত হৈছে৷ ইয়াৰ বিপৰীতে এই সময়ছোৱাত আম্বানীৰ সম্পত্তিৰ পৰিমাণ ২.০৭ বিলিয়ন ডলাৰ পৰিমাণে হ্ৰাস পায়৷

আদানীৰ ব্যৱসায়িক সাম্ৰাজ্য বিয়পিছে GREEN ENERGY খণ্ডলৈ। তদুপৰি দেশৰ ১২টা বন্দৰ আৰু ৫টা বিমান বন্দৰ এতিয়া আদানীৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত। ২০২০ চনত আৰম্ভ কৰাৰ পৰা আদানী গ্ৰীণ, আদানী গেছৰ ষ্টক ১,০০০ শতাংশ পৰিমাণে বৃদ্ধি। এই সাফল্যৰ লগত আদানী হৈ পৰিব ২০৩০ৰ ভিতৰত বিশ্বৰ আটাইতকৈ বৃহৎ Port Operator।

ব্লুমবাৰ্গৰ সমীক্ষা মতে,
দেশৰ আন্তঃগাঁথনি খণ্ডৰ অন্যতম কিং হিচাপে এতিয়া চিহ্নিত হৈছে গৌতম আদানী৷ সময়ৰ শৰ সময়ত মাৰিব জনা বাবে আদানীৰ সম্পত্তিৰ পৰিমাণ বৃহৎ পৰিমাণে বৃদ্ধি পাইছে বুলি অৰ্থনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷

ইফালে, ২৩৫ বিলিয়ন সম্পত্তিৰে টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্ক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। ২য় স্থানত আছে আমাজানৰ স্বত্বাধিকাৰী জেফ বেজ’ছ। মাইক্ৰ’ছ্ফটৰ স্বত্বাধিকাৰী বিল গেটছে তালিকাত লাভ কৰিছে ৪ৰ্থ স্থান।তালিকাত আম্বানীক চেৰাই ১০ম স্থানত গৌতম আদানী

জীৱাষ্ম ইন্ধন কয়লাৰে সম্পত্তিৰ পাহাৰ গঢ়া ২ ভাৰতীয় বিলিয়নাৰ মুকেশ আম্বানী বিপৰীতে গৌতম আদানীয়ে এতিয়া গুৰুত্ব দিছে গ্ৰীণ এনাৰ্জী প্ৰকল্পত৷ অহা ৩ বছৰত আম্বানীয়ে ১০ বিলিয়ন ডলাৰ ব্যয় কৰিব গ্ৰীণ এনাৰ্জী প্ৰকল্পত৷ আনহাতে, আদানীয়ে ২০৩০ চনৰ ভিতৰত ৭০ বিলিয়ন ডলাৰ বিনিয়োগ কৰি হ’ব বিচাৰিছে পুনৰনৱীকৰণ শক্তিৰ আটাইতকৈ বৃহৎ উদ্যোগী ৰূপে৷ অনাগত দিনত ভাৰতীয় অৰ্থনীতিত সম্পত্তি আহৰণৰ বাবে আদানী-আম্বানীৰ এই প্ৰতিযোগিতা লক্ষ্যণীয় হ’ব৷

Leave A Reply

Your email address will not be published.