danewsplus.com
danewsplus.com

কিয় বিয়াত নবহিল লতা মংগেশকাৰ?

0 534

ডিজিটেল ডেস্কঃ প্ৰেম মানেই বিবাহ নহয় ৷ প্ৰেম মানেই বিশ্বাস আৰু প্ৰেৰণা ৷ প্ৰেম অবিহনেই জীৱন শূন্য ৷ প্ৰেম ভালপোৱা সকলোৰে হয় ৷ কোকিলকণ্ঠী লতা মংগেশকাৰৰ প্ৰেম হৈছিল ৷ কামৰ ব্যস্ততা, পৰিয়ালৰ সৰ্বস্ব দায়িত্বভাৰ থকাৰ মাজতে প্ৰেমত পৰিছিল লতা ৷ লতাই নিজৰ প্ৰেমৰ প্ৰতি থকা বিশ্বাস আৰু ভালপোৱা ইমানেই গভীৰ আছিল, প্ৰেমিকৰ সৈতে বিবাহত বহিবলৈ নাপায় আজীৱন অকলেই কটালে জীৱনৰ পথত ৷

আপুনি মই জনাৰ দৰে পৰিয়ালৰ সৰ্বস্ব দায়িত্ব থকাৰ বাবেই লতাই বিয়াত বহা নাছিল, তেনে কথা নহয় ৷ সংগীতৰ অনুশীলন, কৰ্মব্যস্ততাৰ মাজতে ডুংগৰপুৰৰ মহাৰজা আৰু ভাৰতীয় ক্ৰিকেট কনট্ৰোল ব’ৰ্ডৰ ভূতপূৰ্ব অধ্যক্ষ ৰাজ সিং ডুংগৰপুৰৰ সৈতে প্ৰেমত পৰিছিল কোকিলকণ্ঠী লতা মংগেশকাৰ ৷
ৰাজ সিং ডুংগৰপুৰে লতাক মিতু নামেৰে মাতিছিল। প্ৰেমিকে প্ৰায়েই লতাৰ গানসমূহৰ কেছেট জেপত ৰাখিছিল
লতাৰ কণ্ঠত মুগ্ধ হৈয়ে প্ৰেমত পৰিছিল মহাৰজা

বহু সময় এজনে আনজনৰ লগত কটোৱাৰ পিছত বিবাহত বহিব খুজিছিল দুয়ো ৷ ৰাজ সিং ডুংগৰপুৰেও তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ বিষয়ে ঘৰত জনাইছিল ৷ পৰিয়ালৰ লোকে বিবাহৰ অনুমতি নিদিয়াত দুয়োজনে বিবাহত নবহাৰ সিদ্ধান্ত লৈছিল ৷ আনহাতে, মহাৰাজেও লতাক ভালপোৱাৰ পিছত কোনো ছোৱালীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা নাছিল ৷ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰেও আজীৱন অকলেই পাৰ কৰিলে।

ভূপেনদাৰ সৈতে লতাৰ সম্পৰ্কক লৈও উঠিছিল প্ৰশ্ন। এই সম্বন্ধে দুয়োয়ে কেতিয়াও প্ৰকাশ কৰা নাছিল কোনো কথা। সেয়ে অন্ধকাৰ আৱৰ্তত ৰৈ গ’ল ভূপেনদা, লতাজীৰ সম্পৰ্ক।
প্ৰেম মানেই বিবাহ নহয় ৷ প্ৰেমত থাকিব লাগে বিশ্বাস, প্ৰেমত থাকিব লাগে গভীৰতা ৷ যি প্ৰেম আজিও দেশবাসীৰ মাজত অমৰ ৷

Leave A Reply

Your email address will not be published.