danewsplus.com
danewsplus.com

ক’ভিডৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

0 379

ডিজিটেল ডেস্কঃ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ক’ভিডৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা । ১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকে ক’ভিড নিৰ্দেশনা। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । ১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকিব নৈশ সান্ধ্য আইন, লগতে স্কুল-কলেজো খুলিব। সকলো শিক্ষাৰ্থীৰে ভেকচিন লোৱাটো বাধ্যতামূলক।

ইয়াৰ উপৰি ১০০ শতাংশ দৰ্শকৰে খুলিব চিনেমা হল। চিনেমা হললৈ গ’লেও ল’ব লাগিব দুপালি ভেকচিন।
বিবাহ-মাংগলিক কাৰ্যত নাথাকিব কোনো বাধা। দুপালি ভেকচিন লোৱাইহে যাব পাৰিব সভা-সমিতিলৈ।
GMCHত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। সৰুসজাই ক’ভিড কেয়াৰ চেণ্টাৰত নাই কোনো ৰোগী। ১৫ ফেব্ৰুৱাৰীলৈ আৰু হ্ৰাস পাব ক’ভিডৰ সংখ্যা।

Leave A Reply

Your email address will not be published.