danewsplus.com
danewsplus.com

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ দেহাৱসান

0 315

ডিজিটেল ডেস্কঃ ভাৰতৰ কালজয়ী গায়িকা ভাৰতৰত্নৰে বিভূষিত লতা মংগেশকাৰ আৰু নাই। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। ৮ জানুৱাৰীত তেওঁ ক’ভিড পজিটিভ চিনাক্ত হোৱাত ১১ জানুৱাৰীত হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল লতাজীক। নিউমুনিয়াতো আক্ৰান্ত হৈ আছিল লতাজী। কোকিলকণ্ঠী গায়িকাগৰাকীক ব্ৰিচ কেণ্ডী হাস্পতালৰ ICUৰ ভেণ্টিলেটৰত প্ৰথমৰে পৰা ৰখা হৈছিল। লতাজী চাৰি সপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল। তেওঁৰ জন্ম হৈছিল ইন্দোৰত ১৯২৯ চনৰ, ২৮ চেপ্তেম্বৰত।

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে ২০০১ চনত লাভ কৰিছিল ‘ভাৰত ৰত্ন’ সন্মান। ইয়াৰ উপৰিও তেওঁক ১৯৯৯ চনত ‘পদ্ম বিভূষণ’ আৰু ১৯৬৯ চনত ‘পদ্ম ভূষণ’ সন্মানেৰে সন্মানিত কৰা হৈছিল। ১৯৮৯ চনত দাদাচাহেব ফাল্কে বঁটাৰ সন্মানো আগবঢ়োৱা হৈছিল লতা মংগেশকাৰলৈ।

Leave A Reply

Your email address will not be published.