danewsplus.com
danewsplus.com

১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ আজি ফাইনেল

0 89

ডিজিটেল ডেস্কঃ ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপত আজি খিতাপ দখলৰ যুঁজত নামিব ভাৰত৷ ৱেষ্ট ইণ্ডিজৰ এণ্টিগা আৰু বাৰবুডাৰ ছাৰ ভিভিয়ান ৰিছাৰ্দছ ষ্টেডিয়ামত ভাৰতীয় সময়মতে সন্ধিয়া ৬.৩০ বজাত ইংলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব ভাৰত৷ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত ভাৰত বৰ্তমানলৈকে ৮ বাৰ ফাইনেলত উপনীত হৈ ৪ বাৰ চেম্পিয়নৰ খিতাপ দখল কৰিছে৷ এইবাৰ এখনো মেচত পৰাস্ত নোহোৱাকৈ ফাইনেলত উপনীত হৈছে ভাৰতীয় দলটো৷ সেইফালৰ পৰা ভাৰতেই আজি ফেভাৰিট৷ ইংলেণ্ডে ২৪ বছৰৰ মূৰত খিতাপ দখল কৰিবলৈ আজি চেষ্টা চলাব৷ ১৯৯৮ৰ পিছত প্ৰথমবাৰৰ বাবে ফাইনেলত উপনীত হৈছে ইংলেণ্ড৷

Leave A Reply

Your email address will not be published.