danewsplus.com
danewsplus.com

কোন আহোম প্ৰাৰ্থীক ৰাজ্যসভালৈ পঠিয়াব বিজেপিয়ে?

0 324

ডিজিটেল ডেস্কঃ ঘাটোৱাৰ-নৰহ নহ’ব
‘আহোম’ বিচাৰি আছে শাসক পক্ষই
ৰাজ্যসভাত কোন হ’ব প্ৰাৰ্থী?

ৰাজ্যসভাৰ অসমৰ খালী হ’বলগীয়া দুয়োখন আসনতে বিজয় সাব্যস্ত কৰাৰ বাবে তৎপৰ হৈছে শাসক পক্ষ৷ বহুকেইটা ফৰ্মূলা উম্ভাৱন কৰিছে শাসক পক্ষই৷ দুয়োখন আসন যাতে অনায়াসে দখল কৰিব পাৰে তাৰ বাবে পূৰণ-হৰণ, যোগ-বিয়োগ সকলো চলিছে৷ কংগ্ৰেছে হাততচ শূন্য হৈ পূৰণ অংক কৰা বুলি মুখ্যমন্ত্ৰীয়ে বিৰোধীক আক্ৰমণ কৰিলেও

শাসক পক্ষৰ অংকও মিলা নাই
কামাখ্যা প্ৰসাদ তাছা ৰাজ্যসভাত আছে
গতিকে ঘাটোৱাৰ, তাছা উপাধিৰে কাম নহ’ব

এনে জটিল পৰিস্থিতিত
আহোমৰ প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ হোৱাৰ সম্ভাৱনা

কিন্তু আহোম জনগোষ্ঠীৰ পৰা কাক ৰাজ্য সভালৈ পঠাব শাসক পক্ষই? কেইবাজনো নেতাৰ প্ৰসংগ শাসকপক্ষত চৰ্চা হৈছে৷ নিশ্চিত হোৱা নাই নামবোৰ৷ পূৰ্বে কংগ্ৰেছ নেতা পোনে পোনে আহি বিজেপিৰ প্ৰাৰ্থী হৈ ৰাজ্য সভালৈ যোৱাৰ অংক চলিছিল৷ কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত সিদ্ধান্ত সলনি হৈছে৷

Leave A Reply

Your email address will not be published.