danewsplus.com
danewsplus.com

কি হ’ব বিধায়ক শ্বেৰমান আলীৰ ভৱিষ্যৎ?

0 320

ডিজিটেল ডেস্কঃ বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ হৈছে প্ৰদেশ কংগ্ৰেছ ৷ দল বিৰোধী মন্তব্য কৰাৰ অভিযোগত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দলৰ সভাপতি ভূপেন বৰাক কৰ্তৃত্ব প্ৰদান কৰিছিল কংগ্ৰেছ বিধায়িনী দলে৷ কৰ্তৃত্ব লাভ কৰি ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ অকল দলবিৰোধী অভিযোগেই নহয়, সাংগঠনিক অভিযোগো আছে বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে৷ ইপিনে বিৰ্তকিত মন্তব্যৰে কংগ্ৰেছৰ ভিতৰত এলাগি হোৱা বিধায়ক শ্বেৰমান আলীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল প্ৰদেশ কংগ্ৰেছে৷ নিৰ্ধাৰিত সময়ৰ অন্তিম মুহূৰ্তত প্ৰদেশ কংগ্ৰেছে প্ৰদান কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিছে বিধায়কগৰাকীয়ে৷ সভাপতি ভূপেন বৰাই ইতিমধ্যে শ্বেৰমানৰ উত্তৰ দলীয় অনুশাসন কমিটীৰ হাতত প্ৰদান কৰা বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপিত জাকিৰ হুছেইন শিকদাৰে ৷ মুঠতে বিধায়ক শ্বেৰমানক লৈ যেন কোনো কাৰণতে সন্তুষ্ট হ’ব পৰা নাই প্ৰদেশ কংগ্ৰেছ ৷ এফালে দলবিৰোধী মন্তব্য, আনফালে সাংগঠনিকভাৱে দলত ক্ষতি৷ ইমান অভিযোগ পিছতো বিধায়ক শ্বেৰমানক কি হিচাপে কংগ্ৰেছে গ্ৰহণ কৰিব সেয়া সময়তহে স্পষ্ট হ’ব ৷

Leave A Reply

Your email address will not be published.