danewsplus.com
danewsplus.com

ইণ্ডিয়ান মেলিটাৰী একাডেমীত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ স্থান লাভ

0 601

ডিজিটেল ডেস্কঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ ২০২১ বৰ্ষৰ ছাত্ৰ বেদ বিজয় নেওগে সংযুক্ত সেনা সেৱাৰ সৰ্বভাৰতীয় পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ইণ্ডিয়ান মেলিটাৰী একাডেমী, ডেৰাদুনত যোগদান কৰিছে।
ইউ পি এছ চিৰ জৰিয়তে অনুষ্ঠিত ২০২১ বৰ্ষৰ এই পৰীক্ষাত তেওঁ ৪৮ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয় । ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰীত প্ৰথম বাচঁনিত আৰু নৱেম্বৰত শাৰীৰিক সক্ষমতা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত যোৱা ২৪ জানুৱাৰীত ঘোষিত সংযুক্ত সেনা সেৱা পৰীক্ষাৰ চূড়ান্ত বাছনিত ৪৮ সংখ্যক স্থান লাভ কৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ এন এছ এছ কেডেট বেদবিজয়ে সেনা একাডেমীৰ ১৮ মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত লেফটেনেন্ট হিচাপে নিযুক্তি লাভ কৰিব । তেঁও এন এছ এছ ৰ অৰুণাচল প্ৰদেশত দিৰাং পৰ্বতাৰোহণ প্ৰতিষ্ঠানত পৰ্বতাৰোহণ কেম্প সফলতাৰে সম্পন্ন কৰিছিল । বেদবিজয়ে যোৰহাট কাৰ্মেল স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক উৰ্তীৰ্ণ হৈছিল ।

Leave A Reply

Your email address will not be published.