danewsplus.com
danewsplus.com

আই পি এলৰ নিলাম ত ভূটানৰ প্ৰথম জন ক্ৰিকেটাৰ

0 370

ডিজিটেল ডেস্কঃ বিশ্বৰ জনপ্ৰিয় ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)। যিটো লীগত খেলাৰ সপোন প্ৰত্যেক জন ক্ৰিকেটাৰে মনত পুহি ৰাখে।আই পি এলে তৰুণ ক্ৰিকেটাৰ সকলক সমগ্ৰ বিশ্বৰ আগত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সহায় কৰে।আই পি এলত খেলাৰ সুযোগ পোৱা পিছত ভাল প্ৰদৰ্শন কৰি খেলুৱৈ সকলে অতি সহজে নিজৰ দেশৰ হৈ খেলাৰ সুযোগ লাভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম গঢ়ি তুলিবলৈ সক্ষম হৈছে।
২০২২ চনৰ আই পি এল ৰ মেগা নিলামত সৰ্বমুঠ ১২১৪ জন ভাৰতীয় আৰু বিদেশী মূল ৰ খেলুৱৈ সকলে নিজৰ নাম পঞ্জীয়ন কৰাইছে।

তাৰে ভিতৰত অন্যতম এজন ভুটানৰ ২২বছৰীয়া তৰুণ অলৰাউণ্ডাৰ মিকিও দৰ্জী।ভূটানৰ প্ৰথম জন ক্ৰিকেটাৰ
হিচাপে মিকোও দৰ্জীয়ে আই পি এলৰ নিলাম ত নিজৰ নাম অন্তভুক্ত কৰাইছে ।নিলামত কোনো দলৰ হৈ চুক্তি লাভ কৰিলে দৰ্জীয়ে ভুটানৰ প্ৰথম জন ক্ৰিকেটাৰ হিচাপে আই পি এল খেলাৰ সুযোগ লাভ কৰি ইতিহাস গঢ়িব লৈ সক্ষম হব যদিও দৰ্জী ৰ আই পি এল চুক্তি পোৱাৰ সম্ভাৱনা কম তথাপি ও দৰ্জী ৰ আই পি এল খেলাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

মিকিও দৰ্জী এজন পেচ বলিঙ অলৰাউণ্ডৰ। যাৰ অৰ্থ হল যে দৰ্জী এনে এক শ্ৰেণী ৰ খেলুৱৈ যিটো শ্ৰেণী ৰ চাহিদা আই পি এলত পূৰ্ব ৰ পৰা চলি আহিছে।
গতিকে আহিবলগীয়া আই পি এলৰ নিলামত বিভিন্ন খেলুৱৈৰ দৰে দৰ্জীৰ ভৱিষ্যত ও নিৰ্ধাৰণ হ’ব ।

Leave A Reply

Your email address will not be published.