danewsplus.com
danewsplus.com

এতিয়াৰে পৰা আপুনি ফাইলৰ কাম লৈ আহিব নালাগে সচিবালয়লৈ

0 428

ডিজিটেল ডেস্কঃ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰজেক্ট সদ্ভাৱনা
সচিবালয়ত আৰু নাথাকিব ফাইলৰ দ’ম
ফাইলৰ কাম লৈ মানুহ আহিব নালাগিব সচিবালয়লৈ
ৰাজ্য চৰকাৰৰ নতুন পদক্ষেপ প্ৰজেক্ট সদ্ভাৱনা

২০২৩ চনৰ ১০ মে’ৰ ভিতৰত নিষ্পত্তি হ’ব সকলো ফাইলৰ কাম। মিছন বসুন্ধৰাৰ সফলতাৰ পিছত ৰাজ্য চৰকাৰে এইবাৰ হাতত লৈছে নতুন পদক্ষেপ ‘প্ৰজেক্ট সদ্ভাৱনা’৷ জনতা ভৱনত জমা হৈ থকা ফাইলৰ ভিৰ কমাবলৈ চৰকাৰে আৰম্ভ কৰিছে এই নতুন মিছন ৷ ২০২১ চনৰ মাৰ্চ মাহলৈকে সচিবালয়ত জমা হৈ থকা সকলো ফাইল নিষ্পত্তি কৰাৰ লক্ষ্যৰে প্ৰজেক্ট সদ্ভাৱনা ৷ এই সন্দৰ্ভত সচিবালয়ৰ কৰ্মচাৰীৰে শুকুৰবাৰে তৃতীয়খন বৈঠকত মিলিত হ’য় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷

১ ফেব্ৰুৱাৰীৰ দিনা প্ৰজেক্ট সদ্ভাৱনাৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ এই প্ৰজেক্ট আৰম্ভ হোৱাৰ লগে লগেই সচিবালয়ত সাধাৰণ জনতাৰ ভিৰ কমাৰ লগতে দেখা নাপাব পুৰণি ফাইলৰ দ’ম ৷ এই প্ৰজেক্টৰ বাবে ফাইলৰ গৰাকীয়ে নিৰ্দিষ্ট প’ৰ্টেলত নিজৰ ফাইলৰ নম্বৰ আৰু বিভাগৰ নাম দাখিল কৰিব লাগিব ৷ তাৰ পিছত বিভাগীয়ভাৱে ফাইলৰ কাম আগবঢ়াব কৰ্তৃপক্ষই ৷ ইয়াৰ বাবে প্ৰতিটো বিভাগে নিয়োগ কৰিছে বিভিন্ন বিষয়া-কৰ্মচাৰীক ৷
২০২৩ চনৰ ১০ মে’ৰ ভিতৰত নিষ্পত্তি নোহোৱা সকলো ফাইল নিষ্পত্তি কৰিব নিৰ্দিষ্ট বিভাগসমূহে ৷ ইয়াৰ বাবে শুকুৰবাৰে প্ৰতিজন কৰ্মচাৰীক দৃঢ়তাৰে কাম কৰাৰ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

এই প্ৰজেক্ট আৰম্ভ হোৱাৰ লগে লগে জনতা ভৱনত নাথাকিব কোনো দালালৰাজ ৷ লগতে ফাইলৰ নামত হাৰাশাস্তি নহ’ব কোনো লোকৰ ৷ অৱশ্যে প্ৰজেক্ট সদ্ভাৱনা আৰম্ভ হোৱাৰ পিছতহে স্পষ্ট হ’ব জমা হৈ থকা ফাইলসমূহ নিষ্পত্তিৰ ক্ষেত্ৰত কি কি জটিলতা আহিব ৷

Leave A Reply

Your email address will not be published.