danewsplus.com
danewsplus.com

১০ দিনীয়া উৎকণ্ঠাৰ অৱসান, ঘৰলৈ উভতিল অপহৃত মিৰাম টেৰণ

0 126

ডিজিটেল ডেস্কঃ চীনা সৈন্যই মিৰামক চমজালে ভাৰতীয় সেনাক
১৮ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ থকা অৰুণাচলী যুৱক মিৰাম টেৰণক PLA-ই চমজালে ভাৰতীয় সেনাৰ হাতত ৷ অৱসান ঘটিল ১০দিনীয়া উৎকণ্ঠাৰ ৷ টুইটযোগে আইন মন্ত্ৰী অৰুণাচলৰ সাংসদ কিৰেন ৰিজিজুৱে প্ৰকাশ কৰিলে এই কথা ৷

১৯ বছৰীয়া মিৰাম টেৰণে হেৰুৱাইছিল পথ
LAC সমীপৰ পৰা সন্ধানহীন হৈছিল মিৰাম

আপাৰ চিয়াং জিলাৰ জিডু নামৰ এখন গাঁৱৰ মিৰাম চিকাৰ কৰিবলৈ চীন সীমান্ত পাইছিলগৈ ৷ তাতে চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ হাতত বন্দী হৈছিল মিৰাম ৷ অৱশ্যে মিৰাম সন্ধানহীন হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰতে যুৱকজন চীনা সৈন্যৰ হাতত থকা বুলি জনায় PLAৰ সূত্ৰই ৷ দুয়ো দেশৰ বিদেশ মন্ত্ৰালয়ৰ আলোচনাৰ অন্তত PLA-ই ভাৰতীয় সেনাক চমজাই দিয়ে যুৱকজনক ৷ স্বাস্থ্য পৰীক্ষাৰ পিছত যুৱকজনক পৰিয়ালৰ হাতত চমজাই দিয়াৰ ব্যৱস্থা লোৱা হয়৷ কিছুদিন পূৰ্বেও অনুৰূপ ঘটনা ঘটিছিল ৷ চীনা সৈন্যৰ হাতত বন্দী হৈছিল অৰুণাচলৰ ৫জন যুৱক ৷ অৱশ্যে সুস্থ শৰীৰে যুৱককেইজন ঘূৰি আহে অৰুণাচললৈ ৷

গৃহভূমিলৈ অৰুণাচলৰ যুৱক মিৰাম টেৰণ
ভাৰতীয় সেনাক প্ৰত্যৱৰ্তন চীনা সৈন্যৰ
শীঘ্ৰে স্বগৃহলৈ লৈ যোৱা হ’ব মিৰাম টেৰণক
স্বাস্থ্য পৰীক্ষাৰ অন্তত লৈ যোৱা হ’ব ঘৰলৈ
১৮ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল মিৰাম

Leave A Reply

Your email address will not be published.