danewsplus.com
danewsplus.com

ৰাজ্যত বিৰোধীৰ ভূমিকা পালন কৰিব পৰা নাই নেকি কংগ্ৰেছে?

0 394

ডিজিটেল ডেস্ক: সুস্থ গণতন্ত্ৰৰ বাবে প্ৰয়োজন আছে বিৰোধী শক্তিৰ৷ কিন্তু অসমৰ ৰাজনীতিত বিৰোধী হিচাপে উচিত ভূমিকা পালন কৰিব পৰা নাই নেকি কংগ্ৰেছে? ইয়াকে লৈ চৰ্চা চলিছে ৰাজনীতিৰ বাহিৰে-ভিতৰে৷ কংগ্ৰেছৰ একাংশ নেতাৰ কৰ্মকাণ্ডই এই কথাকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে৷ ইতিমধ্যে কেইবাগৰাকীও কংগ্ৰেছী বিধায়ক তথা নেতাই কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিছে বিজেপিত৷ তাৰ পিছতো দলত থকা বহু নেতাই বিজেপিৰে সম্পৰ্ক ৰখাৰ কথা প্ৰায়েই চৰ্চা হয়৷ আৰু এই চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰীৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য৷


কংগ্ৰেছৰ বিধায়কসকল বিজেপিৰ ফিক্সড ডিপ’জিট! প্ৰকৃততে কি হৈছে কংগ্ৰেছত? কিয় কংগ্ৰেছৰ ওপৰতে সন্দেহৰ আঙুলি?ইতিমধ্যে ভংগ হৈছে শাসকপক্ষৰ বিৰুদ্ধে গঠন হোৱা মহাজোঁটৰ৷ বিৰোধী মহাজোঁটৰ অন্যতম অংশীদাৰ বিপিএফ লগ লাগিল চৰকাৰী পক্ষত৷ মহাজোঁটৰ জ্যেষ্ঠ ভাতৃ হিচাপে কংগ্ৰেছে একগোট কৰি ৰাখিব নোৱাৰিলে নিজেই গঠন কৰা বিৰোধী ঐক্য৷ যাৰ বাবে কংগ্ৰেছৰ ভূমিকাক লৈ ক্ষুণ্ণ আনটো বিৰোধী দল AIUDF.


‘বিৰোধী হিচাপে ভূমিকা পালন কৰা নাই কংগ্ৰেছে’- এই মন্তব্য AIUDF বিধায়ক আমিনুল ইছলামৰ বিৰোধীৰ মাজতেই সমালোচিত হোৱা কংগ্ৰেছক লৈ আন এক তীৰ্যক মন্তব্য কৰে বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই। ‘বিজেপিয়ে বিচাৰিলে নিঃশেষ হ’ব কংগ্ৰেছ। মুখ্যমন্ত্ৰীয়ে ইংগিত দিলে অধিকাংশ কংগ্ৰেছী বিধায়কেই যোগ দিব বিজেপিত।’ অকল এয়াই নহয়, বিৰোধী দল হিচাপে কংগ্ৰেছৰ দুৰ্বল স্থিতিৰ কথাও ক’লে বিধায়ক জয়ন্ত মল্ল বৰুৱাই৷

মুঠতে যেন সকলোৰে সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজ্যৰ এসময়ৰ প্ৰবল প্ৰতাপী ৰাজনৈতিক দল কংগ্ৰেছ৷ কিন্তু একালৰ বৃন্দাবন, একালত পৰেচন সদৃশ যেন হৈ পৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দলটো৷ সেয়ে হলা গছত বাগী কুঠাৰ মৰাৰ দৰে সকলোৱে মন গ’লেই সমালোচনা কৰি গৈছে কংগ্ৰেছক৷ ভিডিঅ’ জাৰ্ণেলিষ্ট ডিদমৰ সহযোগত কমলেশ বৰ্মন, ডি এ নিউড প্লাছ৷

Leave A Reply

Your email address will not be published.