danewsplus.com
danewsplus.com

ইছলামিক ৰাষ্ট্ৰত নিৰ্মাণ চলিছে সুবিশাল হিন্দু মন্দিৰৰ

0 560

ডিজিটেল সংবাদ, ডুবাইঃ ইছলামিক ৰাষ্ট্ৰ UAE ত নিৰ্মাণ চলিছে সুবিশাল হিন্দু মন্দিৰৰ
৬৯৯ কোটি টকা ব্যয়সাপেক্ষ হব এই অত্যাধুনিক মন্দিৰ
মন্দিৰৰ বাবে ২৭ একৰ ভূমি দান দিছে আবু ধাবিৰ যুৱৰাজে
দিল্লীৰ প্ৰখ্যাত অক্ষৰ ধাম মন্দিৰ নিৰ্মাণ কৰা BAPS স্বামীনাৰায়ন সংস্থাই এই মন্দিৰৰ উদ্যোক্তা
সমগ্র বিশ্বত ১২০০ৰো অধিক মন্দিৰ আছে এই ধৰ্মীয় সংগঠনৰ

ইছলামিক ৰাষ্ট্ৰ UAE অৰ্থাৎ সংযুক্ত আৰৱ গণৰাজ্যত এতিয়া ব্যাপক তৎপৰতা চলিছে এটা হিন্দুমন্দিৰ নিৰ্মাণৰ বাবে। ধৰ্মীয় অসহিষ্ণুতাই আমাৰ দেশত গা কৰি উঠাৰ সময়তে আশাৰ বতৰা কঢ়িয়াই আনিছে UAE ৰ ৰাজধানী আবু ধাবিত নিৰ্মাণৰত স্বামীনাৰায়ন মন্দিৰে । ১৯৯৭ চনতে এই মন্দিৰ স্থাপনৰ বাবে প্ৰমুখ স্বামী মহাৰাজে প্ৰথম প্ৰস্তাৱ আগবঢ়াইছিল

২০১৯ ত এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

এই পৰম্পৰাগত হিন্দু মন্দিৰ হিন্দু ধৰ্মাৱলম্বী সকলৰ বাবে সামাজিক- সাংস্কৃতিক- আধ্যাত্মিক মিলনৰ থলী হৈ পৰিব। সেয়ে উৎফুল্লিত UAEবাসী ভাৰতীয় সকলৰ লগতে প্ৰৱাসী অসমীয়া সকলো —

২০২৩ ত এই মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য

UAE ক বিশ্বৰ এখন আগশাৰীৰ উন্নত ৰাষ্ট্ৰ ৰূপে গঢ়ি তোলাৰ বাবে দেশখনৰ ৰাজতন্ত্ৰই কৰা চিন্তা চৰ্চা বাস্তৱায়িত কৰাত এই মন্দিৰেও প্ৰভূত বৰঙণি যোগাব বুলি আশা কৰা হৈছে।

Leave A Reply

Your email address will not be published.