danewsplus.com
danewsplus.com

দেশত দ্ৰুতহাৰত বৃদ্ধি অ’মিক্ৰনৰ সংক্ৰমণ

0 326

ডিজিটেল ডেস্কঃ দেশত ক্ৰমাৎ বৃদ্ধি অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা। ২৪ ঘণ্টাত ৯.২৮ শতাংশলৈ বৃদ্ধি আক্ৰান্তৰ হাৰ। ২৭খন ৰাজ্যৰ ৩ হাজাৰ ৭১জন আক্ৰান্ত অ’মিক্ৰনত। অসমত এইপৰ্যন্ত অ’মিক্ৰনত আক্ৰান্ত ৯। মহাৰাষ্ট্ৰত সৰ্বাধিক আক্ৰান্ত ৮৭৬জন, দিল্লীত ৫১৩জন। কৰ্ণাটকত ৩৩৩, ৰাজস্থানত ২৯১, কেৰালাত ২৮৪। গুজৰাটত ২০৪, তেলেংগানাত আক্ৰান্ত ১২৩জন। তামিলনাডুত ১২১, হাৰিয়ানাত ১১৪, ওড়িশাত আক্ৰান্ত ৬০। উত্তৰ প্ৰদেশত ৩১, অন্ধ্ৰপ্ৰদেশত ২৮জন আক্ৰান্ত। পশ্চিমবংগত অ’মিক্ৰনত আক্ৰান্ত ২৭জন, গোৱাত ১৯। মধ্যপ্ৰদেশত ৯, উত্তৰাখণ্ডত ৮, মেঘালয়ত আক্ৰান্ত ৪। চণ্ডীগড়, আন্দামান নিকোবৰ, জম্মু-কাশ্মীৰত ৩জনকৈ আক্ৰান্ত। পুডুচেৰী আৰু পঞ্জাৱত দুজনকৈ আক্ৰান্ত অ’মিক্ৰনত। ছত্তীশগড়, হিমাচল, লাডাখ, মণিপুৰত এজনকৈ আক্ৰান্ত।

Leave A Reply

Your email address will not be published.