danewsplus.com
danewsplus.com

হাতীশিলাত ভোট জলকীয়া -পানচৈৰ উদ্যোগত শীতকালীন খাদ্য উৎসৱ, শ্ৰেষ্ঠা ৰান্ধনীৰ খিতাপ দীপাঞ্জলি তালুকদাৰলৈ

0 284

ডিজিটেল ডেস্ক : অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ ৰেষ্টুৰেণ্ট ভোট জলকীয়া আৰু পানচৈৰ উদ্যোগত খাদ্য উৎসৱ ৷ শনিবাৰে হাতীশিলাস্থিত পানচৈ ৰেষ্টুৰেণ্টত অনুষ্ঠিত হয় শীতকালীন খাদ্য উৎসৱ আৰু ব্যঞ্জন প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মুঠ ২০গৰাকী প্ৰতিযোগীয়ে ৷ ইয়াৰ ভিতৰত শীৰ্ষ ৫গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হয় ৷ ভোট জলকীয়া আৰু পানচৈৰ স্বত্বাধিকাৰী অঞ্জলি বৰাৰ তত্ত্বাৱধানত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্বত আছিল প্ৰাক্তন আয়ুক্ত স্বপ্ননীল বৰুৱা, মলয়া গোস্বামী, জ্যোতি দাস, চেফ দেভাষ প্ৰধান, দেৱ কুমাৰ বৰ্মণ ৷

আনহাতে এই খাদ্য উৎসৱ উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় শিল্পী ক্ৰমে ড০ সংগীতা কাকতি, তৃষ্ণা দেৱী, পদ্মনাভ বৰদলৈ, ৰূপাংকিতা-অলংকিতা, ৰিচা ভৰদ্বাজ, প্ৰাক্তন আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ, ৰাজীৱ প্ৰকাশ বৰুৱা, কৰ্ণেল জ্যোতিষ্মান হাজৰিকা, অতিৰিক্ত আৰক্ষী আয়ুক্ত পল্লৱ তামুলী, মৃদুস্মিতা দত্তবৰুৱা, তনুশ্ৰী দাস আদি বহু বিশিষ্ট লোকৰ লগতে Da News Plusৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ ৷ ব্যঞ্জন ৰন্ধা প্ৰতিযোগিতাত দীপাঞ্জলি তালুকদাৰে শ্ৰেষ্ঠা ৰান্ধনীৰ খিতাপ অৰ্জন কৰে ৷ এই খাদ্য উৎসৱত বিভিন্ন থলুৱা ব্যঞ্জনৰ খাদ্য সম্ভাৰ পৰিৱেশিত হয় ৷

Leave A Reply

Your email address will not be published.