danewsplus.com
danewsplus.com

চৰকাৰৰ সুৰাৰ অনুজ্ঞাপত্ৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

0 210

ডিজিটেল ডেস্কঃ চৰকাৰে দিছে সুৰাৰ অনুজ্ঞাপত্ৰ
ৰাইজ নামিছে প্ৰতিবাদত

ফলশ্ৰুতি…
ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজপথত

ছাত্ৰ-ছাত্ৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠীচালনা
চাপৰৰ শালকোচাত সুৰাৰ বিপণীৰ অনুমতি দিয়াৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী ওলাই আহিল ৰাজপথলৈ ৷ আছুৰ উদ্যোগত স্থানীয় একাংশ লোকেও প্ৰতিবাদত অংশ ল’লে ৷ সুৰাবিৰোধী শ্লোগানেৰে উত্তাল হ’ল ৰাজপথ ৷ শালকোচাৰ ১৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰাৰ লগতে ভাঙি পেলালে সুৰাৰ বিপণী৷ ৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কৰিলে লাঠীচালনা ৷

আহত হ’ল বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী

যিকোনো পৰিস্থিতিতে সুৰাৰ বিপণী চলাবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

আৰক্ষীৰ লাঠীচালনাক গৰিহণা দিয়ে বিভিন্নজনে ৷

আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই কঠোৰ পদক্ষেপ ল’লে আৰক্ষীয়ে ৷

জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শক জনাঞ্জলি দি চাপৰৰ শালকোচাত সুৰাৰ বিপণী খোলাৰ অনুমতি দিয়াক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰতিবাদকাৰীয়ে সুৰাৰ বিপণী বন্ধ নকৰিলে অধিক জংগী আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিছে ৷

Leave A Reply

Your email address will not be published.