danewsplus.com
danewsplus.com

বনভোজলৈ যোৱাৰ পূৰ্বে কি কি নিয়ম প্ৰশাসনৰ?

0 215

ডিজিটেল ডেস্কঃএতিয়া হৈছে বনভোজৰ বতৰ। বনভোজকাৰী দললৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।নৱবৰ্ষৰ সন্ধিয়া অথবা মাজনিশা সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব চালকে। সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। ইয়াৰ লগতে সুৰাপান কৰি গাড়ী চলালে বাতিল হ’ব লাইচেঞ্চ। উচ্চস্বৰত বজাব নোৱাৰিব সংগীত। পৰিৱেশ নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।

পথ দুৰ্ঘটনা ৰোধ কৰিবলৈও চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে, প্ৰতি বছৰে বনভোজলৈ গৈ অথবা ৩১ ডিচেম্বৰৰ মায়াবী নিশা পথ দুৰ্ঘটনাত শ শ লোকৰ মৃত্যু ঘটে। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবেও নিৰ্দেশ জাৰি কৰিছে। কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত এই পদক্ষেপ গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰিলে এই কথা

Leave A Reply

Your email address will not be published.