danewsplus.com
danewsplus.com

বিপিন ৰাৱটক কঢ়িয়াই নিয়া সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত: মৃত্যুৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

0 213

ডিজিটেল ডেস্ক: তামিলনাডুত বুধবাৰে উৰণৰ অলপ পিছতে প্ৰতিৰক্ষা বিভাগৰ মুখ্য কৰ্মচাৰী বিপিন ৰাৱাট আৰু আন ১৩ জনক কঢ়িয়াই নিয়া এখন সামৰিক হেলিকপ্টাৰ ( Mi-17 VS) দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাস্থলীৰ পৰা প্ৰথম অৱস্থাত ৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও বৰ্তমান এই সংখ্যা ১৩জনলৈ বৃদ্ধি পাইছে। আন কেইজনৰ সন্ধান এতিয়াও চলি আছে।

বিমানখনত থকা ১৪ জন লোকৰ ভিতৰত জেনেৰেল ৰাৱাটৰ পত্নী, তেওঁৰ প্ৰতিৰক্ষা সহায়ক, নিৰাপত্তা কমাণ্ডো আৰু বায়ু সেনাৰ অন্যান্য কৰ্মচাৰী সকল আছিল।

ভাৰতীয় বায়ু সেনাই ইতিমধ্যে টুইটাৰ যোগে জনাইছে যে: “An IAF Mi-17V5 helicopter, with CDS Gen Bipin Rawat on board, met with an accident today near Coonoor, Tamil Nadu. An Inquiry has been ordered to ascertain the cause of the accident,”

ভাৰতীয় বায়ু সেনাই সদৰি কৰা তথ্য অনুযায়ী হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে দেশৰ প্ৰথম CDS বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱট। গ্ৰুপ কেপ্তেইন বৰুণ সিং বৰ্তমান চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.