danewsplus.com
danewsplus.com

অৱশেষত উদ্ধাৰ ৰক্তিম বৰুৱাৰ মৃতদেহ

0 278

ডিজিটেল ডেস্ক : অৱশেষত উদ্ধাৰ হ’ল নুমলীগড় শোধনাগাৰৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ। দেওবাৰে থোৰামুখত পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ নিখোঁজ হৈ আছিল বৰুৱা। পুত্ৰই খেলি থকা বল আনিবলৈ ধনশিৰিৰ পানীত নামিছিল বৰুৱা। আৰু দুৰ্ভাগ্যবশত: তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল ৰক্তিম বৰুৱা।

SDRF, NDRF-এ ৰক্তিম বৰুৱাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল যদিও সফল হোৱা নাছিল। অৱশেষত ৩ দিনৰ মূৰত দ-চমুৱা হাঁহচৰাৰ ধনশিৰিৰ বুকুত উদ্ধাৰ হয় ৰক্তিম বৰুৱাৰ মৃতদেহ। স্থানীয় লোকে পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।

ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত স্ব-গৃহলৈ অনা হয় ৰক্তিম বৰুৱাৰ মৃতদেহ।

Leave A Reply

Your email address will not be published.