danewsplus.com
danewsplus.com

নাগালেণ্ডত উত্তপ্ত পৰিস্থিতি: নিৰীহক হত্যাৰ পিছতে সেনাৰ ওপৰত আক্ৰমণ একাংশৰ

0 159

ডিজিটেল ডেস্ক: নাগালেণ্ডত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। উগ্ৰপন্থীৰ সন্দেহত কয়লা খনিৰ পৰা ট্ৰাকেৰে অহা শ্ৰমিকৰ দললৈ গুলী চালনা কৰে আছাম ৰাইফলছে৷ এই ঘটনাৰ পিছতে একাংশ লোকে আক্ৰমণ চলায় আছাম ৰাইফলছৰ ওপৰত৷ জ্বলাই দিয়ে কেইবাখনো বাহন৷ পুনৰ আছাম ৰাইফলছৰ গুলীচালনা৷ সমগ্ৰ ঘটনাত নিহত হয় ২০জনকৈ লোক৷ নাগালেণ্ডৰ মন জিলাত তিৰুং আৰু অটিংবস্তিৰ মাজত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ঘটনাস্থলীতে নিহত হয় ৬জন লোক। আছাম ৰাইফলছৰ গুলীত নিৰীহৰ মৃত্যুৰ পিছত সেনাৰ শিৱিৰত আক্ৰমণ চলাই একাংশ লোকে। হাতে হাতে বন্দুক লৈ সেনা শিৱিৰত আক্ৰমণ উত্তেজিত নগা লোকৰ।
ঘটনাত প্ৰাণ হেৰুওৱা ১৩জনৰ পৰিচয় ইতিমধ্যে কৰা উদ্ধাৰ হৈছে। চিনাক্ত হোৱা লোককেইজনৰ নাম ক্ৰমে: নাগামফো, লংটোন, হোকাপ, লংৱাং, থাপৱাং, চাংৱাং, মামপিট, এছ খংৱাং, থাকৱাং, চেইৱাং, ফৌকাম, ইংজোন, পেপন

ঘটনায নিহত হয় গৌতম লালু নামৰ এজন জোৱান।
ইয়াৰ প্ৰত্যুত্তৰত স্থানীয় লোকলৈ গুলীচালনা কৰে ২১ নং পেৰামিলিটেৰীয়ে। গুলীবৰ্ষণত পুনৰ ৭জন স্থানীয় লোকৰ মৃত্যু ঘটে। আহত হয় ৯জনকৈ লোক।
সংকটজনক অৱস্থাত আহতসকলক ভৰ্তি কৰোৱা হৈছে ডিব্ৰুগড়ৰ AMCHত৷ ঘটনাক লৈ চৰম উত্তেজনাই বিৰাজ কৰিছে মন জিলাত৷ মন জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সৱা৷ পৰিস্থিতি চম্ভালাৰ চেষ্টা চলালেও ঘটনাৰ পিছত সেনা শিৱিৰতো চলিছে আক্ৰমণ৷ পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটিছে৷
এই ঘটনাক লৈ এতিয়া গৰম হৈছে ৰাজ্যৰ ৰাজনীতিও৷ ৰাহুল গান্ধীয়ে চৰকাৰক নিৰীহ হত্যাৰ উত্তৰ দিবলৈ আহ্বান জনাইছে৷ ঘটনাৰ আঁৰত কি আছে জনাবলৈ দাবী জনাইছে গৌৰৱ গগৈয়ে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টুইট কৰি দুখ প্ৰকাশ কৰিছে এই মৰ্মান্তিক ঘটনাক৷ উচ্চপৰ্যায়ৰ SITৰ জৰিয়তে তদন্তৰ আশ্বাস প্ৰদান মন্ত্ৰীগৰাকীৰ। ভুক্তভোগী পৰিয়ালক ন্যা

ভুক্তভোগী পৰিয়ালক ন্যায় দিবলৈ নাগালেণ্ড চৰকাৰক নিৰ্দেশ গৃহমন্ত্ৰী অমিত শ্বাহৰ।

এই ঘটনাত আলফা স্বাধীনে গৰিহণা দিয়াৰ লগতে ভেৰণীয়া বাহিনীয়ে পৰিকল্পিতভাৱে নিৰীহক হত্যা কৰা বুলি অভিযোগ তুলিছে৷ অৱশ্যে আলফা স্বাধীনে মৃত্যুমুখত পৰা লোকসকল পশ্চিম-দক্ষিণ-পূব এছিয়াৰ স্বাধীনতাকামী বুলি উল্লেখ কৰিছে৷ বৰ্তমানেও চলি আছে মৃতদেহৰ সন্ধান৷

ঘটনাত দুখ প্ৰকাশ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ। SIT গঠন কৰি তদন্ত ঘোষণা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ। ঘটনাই জোকাৰিছে নাগালেণ্ড৷ এই ঘটনাক লৈ নাগালেণ্ডৰ পৰিস্থিতি ভয়াৱহ হৈ পৰাৰো আশংকা কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷

Leave A Reply

Your email address will not be published.