danewsplus.com
danewsplus.com

অসমত মহিলা মুখ্যমন্ত্ৰীৰ আশা কৰিছে আঙুৰলতাই

0 166

ডিজিটেল ডেস্ক : অসমত এগৰাকী মহিলা মুখ্যমন্ত্ৰী আশা কৰিছে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাই। লোকসভা আৰু বিধানসভাত ৫০% প্ৰতিনিধিত্ব দাবীৰে তেজপুৰত আয়োজিত এক সংবাদ মেলত এই বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আংগুৰলতা ডেকাই।

দুদিনীয়া কাৰ্য্যসূচীৰে তেজপুৰত অনুষ্ঠিত হৈছে মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক। চল্লিশখন সাংগঠিনক জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰিবলগীয়া এই কাৰ্য্যনিৰ্বাহকৰ দেওবাৰৰ অন্তিম দিনাৰ সভাত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ লগতে মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদিকা সাংসদ ইন্দুবালা গোস্বামী, মন্ত্ৰী অজন্তা নেওগ, ৰাজ্যিক সভাপতি ভবেশ কলিতা তথা কেইবাগৰাকীও সাংসদ আৰু বিধায়কে অংশ গ্ৰহন কৰিব বুলি সংবাদমেলত আংগুৰলতা ডেকাই মন্তব্য কৰিছে। লগতে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, কাৰ্যনিৰ্বাহকত মহিলা সবলীকৰণ, মহিলাৰ ওপৰত নিৰ্য্যাতন আদি বিষয় সমূহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব।

Leave A Reply

Your email address will not be published.