danewsplus.com
danewsplus.com

হেলমেট পৰিধান নকৰা আৰোহীৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ

0 202

ডিজিটেল ডেস্ক: ১ ডিচেম্বৰৰ পৰা প্ৰযোজ্য হ’ল Motor vehicle Act ৰ ১২৯ ধাৰা। কঠোৰ হৈছে পৰিবহন বিভাগ। দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পৰিধান কৰিব লাগিব হেলমেট। হেলমেট পৰিধান নকৰা আৰোহীৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ।

দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে হেলমেট পৰিধানক লৈ মহানগৰীৰ ভিন্ন প্ৰান্তত পৰিবহণ বিভাগে চলালে অভিযান৷ সাৰি নগ’ল সাংবাদিক, আৰক্ষী, উকীল, ছাত্ৰ-ছাত্ৰীও৷ নিয়ম অমান্যকাৰীক বিহা হল ১০০০ টকাৰ জৰিমনা।

পথ সুৰক্ষা আৰু দুৰ্ঘটনাৰোধৰ বাবে পৰিবহন বিভাগে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ। চালকৰ লগতে আৰোহীৰ হেলমেট পৰিধানো বাধ্যতামূলক কৰা হৈছে।পৰিবহন বিভাগৰ এই পদক্ষেপক সঁহাৰি জনাইছে বহুজনে। আনহাতে বহু সংখ্যক লোকে বৰ্তমানো মনা নাই এই নিয়ম। আইন উলংঘা কৰিও আৰক্ষী, পৰিবহণ কর্মীৰ সন্মুখত দম্ভালি একাংশৰ। জৰিমনা বিহি বহুজনে স্বীকাৰ কৰিলে নিজৰ ভুল। উল্লেখ্য যে হেলমেট পৰিধান নকৰাকলৈ এনেদৰেই কঠোৰতকৈ কঠোৰ হব পৰিবহন বিভাগ।

Leave A Reply

Your email address will not be published.