danewsplus.com
danewsplus.com

সতীৰ্থ মহিলা কৰ্মীৰ নগ্ন ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ CPI(M) দলৰ নেতা

0 471

ডিজিটেল ডেস্ক : কেৰেলাৰ CPI(M) দলৰ এজন নেতাই এগৰাকী সতীৰ্থ মহিলা কৰ্মীৰ নগ্ন ভিডিঅ’ ইন্টাৰনেটত ভাইৰেল কৰি সমগ্ৰ দেশবাসীৰ ওচৰত লজ্জিত কৰিছে CPI(M) দলৰ কৰ্মকৰ্তাক। দলৰ গৰিমাত কালিমা সনা উক্ত নেতা জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিষয়টোৰ সন্দৰ্ভত এই পৰ্যন্ত ১২ গৰাকী অভিযুক্তক চিনাক্ত কৰি আৰক্ষীয়ে সোধ- পোছ অব্যাহত ৰাখিছে।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, গোচৰ তৰা মহিলাগৰাকীক দুজন ব্যক্তিয়ে এখন বাহনত দলীয় এক অনুষ্ঠানৰ বাবে যাত্ৰা কৰাৰ সময়তে খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি যৌন উৎপীড়ন চলোৱাৰ লগতে বিবস্ত্ৰ কৰি ভিডিঅ’ কৰিছিল। আৰু ধৃত ব্যক্তি দুজনে সামাজিক মাধ্যমত ভিডিঅ’ আপলোড নকৰাৰ বিনিময়ত মহিলাগৰাকীৰ পৰা ২ লাখ টকাৰ ধন দাবী কৰিছিল বুলিও আৰক্ষীয়ে সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.