danewsplus.com
danewsplus.com

জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভা

0 130

ডিজিটেল ডেস্ক: কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিভিন্ন বিষয়ৰ ওপৰত পৰ্যালোচনা কৰিবলৈ আজি উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কাৰ্যালয়ৰ সভাকক্ষত সংশ্লিষ্ট বিভাগসমূহৰ লগত এখন সভা অনুষ্ঠিত কৰে।

আভ্যন্তৰীণ জল পৰিবহণ, অগ্নি আৰু জৰুৰীকালীন সেৱা, গুৱাহাটী পৌৰ নিগম, এন ডি আৰ এফ, বিদ্যুৎ, বন আদি বিভাগৰ বিষয়া-বৰ্গ উপস্থিত থকা এই সভাত আকস্মিক দুৰ্যোগৰ লগত মোকাবিলা কৰিব পৰাকৈ সকলো সংশ্লিষ্ট বিভাগকে সদা-সষ্টম হৈ থাকিবলৈ উপায়ুক্তই সভাত নিৰ্দেশ দিয়ে।

আনহাতে, জিলাখনত বৰ্তমান চলি থকা সকলো ধৰণৰ ফেৰী সেৱাৰ তথ্য মজুত ৰখাৰ লগতে জিলাখনৰ শ্বপিংমল, পাৰ্ক আৰু হস্পিতেল-নাৰ্চিংহোমৰ বিদ্যুৎ সংযোগ আৰু অগ্নি নিৰ্বাপণ ব্যৱস্থাৰ বিষয়ে সকলো ধৰণৰ তথ্য ৰাখিবলৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক নিৰ্দেশ দিয়ে উপায়ুক্তই।

Leave A Reply

Your email address will not be published.