danewsplus.com
danewsplus.com

প্ৰৱঞ্চক জিতুমণি শৰ্মাক কেতিয়াকৈ বিচাৰি পাব আৰক্ষীয়ে?

0 433

ডিজিটেল ডেস্ক: দা নিউজ প্লাছক বিভিন্ন প্ৰকাৰে ভাবুকি দি আহিছে এটা প্ৰৱঞ্চকৰ দলে৷ প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ কথা প্ৰকাশ কৰাৰ বাবেই বিভিন্ন কৌশলেৰে দা নিউজ প্লাছক হেয় প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে৷ এইবাৰ প্ৰৱঞ্চকৰ দলে আশ্ৰয় লৈছে ছ’চিয়েল মিডিয়াত৷ নিশাটোতে একাধিক একাউণ্ট খুলি চলালে ভুৱা প্ৰচাৰ৷ পিছে ক্ৰাইম ব্ৰান্সো তৎপৰ হৈছে ভুৱা একাউণ্ট খোলাসকলৰ বিৰুদ্ধে৷ শীঘ্ৰে জালত পৰিব ভুৱা একাউণ্ট খোলাসকলো

বাতৰি সম্প্ৰচাৰ হ’ল ৬ বজাৰ প্ৰাইম টাইমত
বাতৰি সম্প্ৰচাৰৰ ৪ ঘণ্টাৰ ভিতৰত ফেইচবুকত আবিৰ্ভাৱ হ’ল একাধিক নতুন একাউণ্ট
শনিবাৰে নিশা ৯-১০ বজাৰ ভিতৰত সক্ৰিয় হ’ল এই একাউণ্ট
কাৰ স্বাৰ্থত প্ৰায় এঘণ্টাতে ফেইচবুকত সৃষ্টি হ’ল ন ন একাউণ্ট?
‘ভুৱা’ একাউণ্টৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ তদন্ত আৰম্ভ

নতুন একাউণ্টৰ পৰা এটা নিৰ্দিষ্ট বাতৰিৰ বিৰুদ্ধে সাংগঠনিক ৰূপত বিৰূপ মন্তব্য৷ প্ৰায় এঘণ্টাৰ ভিতৰত সৃষ্টি হোৱা এই একাউণ্টৰ টাৰ্গেট Da NEWS PLUS৷ Da NEWS PLUSত সম্প্ৰচাৰ হৈ আহিছিল কেইজনমান ধুৰন্ধৰৰ প্ৰৱঞ্চনাৰ কাহিনী৷ চাংপো নামৰ এটা প্ৰতিষ্ঠান খুলি এই প্ৰতিষ্ঠানেৰে জড়িতসকলে একাংশ ব্যৱসায়ীক কমাৰ্চিয়েল স্পেছ দিম বুলি কৰিছিল ধন সংগ্ৰহ৷ কিন্তু কোটি কোটি টকা সৰকাই অন্তৰ্ধান হ’ল প্ৰৱঞ্চক৷ উপায়ন্তৰ হৈ ভুক্তভোগীসকলে গোচৰ তৰিলে পাণবজাৰ থানাত৷

গোচৰ নম্বৰ PS 580/2021
গোচৰ দিয়াৰ তাৰিখ 27-10-2021

এই গোচৰৰ সকলো তথ্য লাভ কৰিছিলোঁ Da NEWS PLUS-এ৷ লাখ লাখ টকা দি হাহাকাৰ কৰা ব্যৱসায়ীসকলেও Da NEWS PLUSৰ সৈতে যোগাযোগ কৰি ন্যায় লাভৰ আশা কৰিছিল৷ সম্পূৰ্ণ তথ্যৰ ভিত্তিত সম্প্ৰচাৰ হৈছিল প্ৰৱঞ্চকৰ কাহিনী৷ কিন্তু প্ৰৱঞ্চক বাহিনীয়ে সন্দেহজনক একাউণ্ট সৃষ্টি কৰি Da NEWS PLUSৰ বাতৰিৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰিছিল৷ নিশাটোতে সৃষ্টি হোৱা এই একাউণ্টৰ তথ্য বিচাৰি অপৰাধ নিয়ন্ত্ৰণ শাখাই তদন্ত আৰম্ভ কৰিছে৷ Da NEWS PLUSৰ হাতত পৰা তথ্য মতে, ভুৱা একাউণ্ট খোলা সকলক শীঘ্ৰেই আটক কৰাৰ সম্ভাৱনা প্ৰকট হৈছে৷

প্ৰৱঞ্চনাৰ বলি হোৱাসকলক ন্যায় দিবৰ বাবে Da NEWS PLUS বদ্ধপৰিকৰ
প্ৰৱঞ্চকৰ বিৰুদ্ধে, দালালৰাজৰ বিৰুদ্ধে আমি বাতৰি সম্প্ৰচাৰ কৰিম

Vo: এজনে একাউণ্টত লিখিলে অসমীয়াৰ উন্নতি হেনো Da NEWS PLUS- এ সহ্য কৰিব পৰা নাই৷ এইজনক আমি জনাওঁ- যিসকলৰ ধন লৈ প্ৰৱঞ্চক পলাই আছে, তেওঁ কোন গোষ্ঠীৰ সেয়া ডাঙৰ কথা নহয়৷ তেওঁ প্ৰৱঞ্চক৷ একাংশ অসমীয়া ব্যৱসায়ীৰে কোটি কোটি টকা সৰকাই পলাই আছে তেওঁ৷ গোচৰ ৰুজুৰ এমাহৰ পিছতো আৰক্ষীয়ে তেওঁক ধৰিব পৰা নাই৷ এইখন পাণবজাৰ থানাত দিয়া এজাহাৰ৷ এয়া প্ৰৱঞ্চকে ধন লোৱা ৰচিদ৷ এইজন

মহা প্ৰৱঞ্চক জিতুমণি শৰ্মা
এমাহে পলাই আছে জিতুমণি

প্ৰৱঞ্চকৰ প্ৰতিষ্ঠান চাংপোৰ সৈতে জড়িত এইজন আশিস ৰয়৷ গোচৰ ৰুজু হোৱাত পলাই থকা জিতুমণিৰ সোঁহাত আশিস ৰয়৷ চাংপোৰ আনকেইজন সদস্য প্ৰাক্তন DGP খগেন শৰ্মাৰ ভাতৃ অতুল শৰ্মা, মহম্মদ আব্দুল মুকিত৷ ২০১৮ চনত প্ৰৱঞ্চনাৰ জাল পেলাইছিল চাংপোৱে৷ গোচৰ ৰুজু হোৱাত পলায়ন কৰে জিতুমণি শৰ্মাই৷ পলাতক অৱস্থাৰ পৰাই Da NEWS PLUSক বাতৰি নকৰিবলৈ ভাবুকি দিয়ে৷ প্ৰৱঞ্চিতসকলক টকা ঘূৰাই দিয়াৰ পুনৰ প্ৰলোভন দিয়ে৷ কিন্তু প্ৰৱঞ্চিত সৰহসংখ্যকে প্ৰৱঞ্চকৰ কথাত ভোল যোৱা নাই৷ নতুন একাউণ্টত এজনে লিখিছে- এইখন চৰকাৰৰ দিনত পলাই থকা অসম্ভৱ৷ সেইটোৱেইটো ৰহস্য৷ গোচৰ ৰুজু হোৱাৰ পিছত কিয় জালত পৰা নাই জিতুমণি? স্মাৰ্ট আৰক্ষী ক’ত আছে? মহানগৰ আৰক্ষী আয়ুক্তই কিয় কঠোৰ হ’ব পৰা নাই প্ৰৱঞ্চকৰ ক্ষেত্ৰত? আৰু বহুজনৰ একাউণ্টৰ পৰা আহিছে প্ৰৱঞ্চকৰ পক্ষ লৈ কৰা কমেণ্ট৷ কিন্তু প্ৰশ্ন হ’ল- একেটা নিশাতে সৃষ্টি হোৱা এই একাউণ্টবোৰৰ প্ৰকৃত গৰাকী কোন? এই একাউণ্টৰ গৰাকীৰ সন্ধানত ক্ৰাইম ব্ৰাঞ্চে তদন্ত আৰম্ভ কৰিছে৷ শীঘ্ৰেই আটক হ’ব ভুৱা একাউণ্টৰ গৰাকী৷

Leave A Reply

Your email address will not be published.