danewsplus.com
danewsplus.com

বিজেপি নেতাৰ নামেৰে নামাকৰণ হ’ব মধ্য প্ৰদেশৰ বিখ্যাত মিণ্টো হল

0 123

ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা শিৱৰাজ সিং চৌহানে শুকুৰবাৰে ঘোষণা কৰে যে ভূপালৰ জনপ্ৰিয় ঐতিহ্যভৱন মিণ্টো হলৰ নাম বিজেপিৰ প্ৰতিষ্ঠাপক সদস্য স্বৰ্গীয় কুচাভাউ ঠাক্ৰেৰ নামেৰে নামাকৰণ কৰা হব।


মিণ্টো হল ১৯০৯ চনত নৱাব চুলতান জাহান বেগমৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ভাৰতৰ তদানীন্তন ভাইচৰয় লৰ্ড মিণ্টোৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ভৱনটোক ‘মিণ্টো হল’ বুলি নামাকৰণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত মিণ্টো হলক ৰাজ্যিক বিধান সভা গৃহ হিচাপে ব্যৱহাৰ কৰা হৈছিল। হলটো ২০১৮ চনত সন্মিলন কেন্দ্ৰ হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াত এখন ৰেষ্টুৰেণ্ট আৰু বাৰ আছে। বিজেপিৰ ৰাজ্যিক সভাপতি ভি.ডি শৰ্মাই কৈছিল যে হলটো ঠাক্ৰেৰ আদৰ্শ অনুসৰি বিকশিত কৰা হ’ব, ইয়াৰ ভিতৰত থকা বাৰখন বন্ধ কৰা হ’ব।


ভূপালৰ এজন বুৰঞ্জীবিদ ৰিজৱান উদ্দিন আনছাৰীয়ে এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “BJP leaders can’t change the history so they are changing the name. The building has a heritage importance and very popular for unique architecture which is fusion of Nawabi culture and British colonial era. Will they change the architecture too because that will also remind us about British and Nawabs? ”

Leave A Reply

Your email address will not be published.