danewsplus.com
danewsplus.com

ধাৰাসাৰ বৰষুণৰ বাবে পুডুচেৰীত বিদ্যালয়-মহাবিদ্যালয় বন্ধৰ ঘোষণা

0 131

ডিজিটেল ডেস্ক: ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ শিক্ষা মন্ত্ৰী এ. নামাশিৱায়ামে এক বিবৃতিত কয় যে ধাৰাসাৰ বৰষুণৰ বাবে পুডুচেৰীৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয় আজি আৰু কাইলৈ ২৬ আৰু ২৭ নৱেম্বৰত বন্ধ থাকিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ২৯ নৱেম্বৰলৈকে পুডুচেৰী আৰু চুবুৰীয়া তামিলনাডুত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰাৰ এদিন পিছতে অঞ্চলটোত এই নিৰ্দেশনা প্ৰদান কৰা হৈছে।

বতৰ বিভাগে এইবুলিও ঘোষণা কৰিছিল যে শুকুৰবাৰে দক্ষিণ তামিলনাডু উপকূলৰ ওচৰত দক্ষিণ-পশ্চিম বংগোপসাগৰ, কমোৰিন অঞ্চল আৰু মান্নাৰ উপসাগৰৰ ওপৰেৰে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগেৰে অপৰিষ্কাৰ বতাহ বলাৰ সম্ভাৱনা আছে। মাছমৰীয়াসকলক এই অঞ্চলবোৰত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিছে বতৰ বিভাগে।

ইতিমধ্যে তামিলনাডুৰ তিৰুনেলভেলি, থুথুকুডি, ৰামনাথপুৰম, পুডুকোট্টাই আৰু নাগাপট্টিনম নামেৰে পাঁচখন জিলাত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

Leave A Reply

Your email address will not be published.