danewsplus.com
danewsplus.com

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অসমত নতুন শিক্ষা ব্যৱস্থা

0 312

ডিজিটেল ডেস্ক: অন্ত পৰিল বহু চৰ্চিত কেবিনেট বৈঠক।বুধবাৰে ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ অনুষ্ঠিত হয় সপ্তমখন কেবিনেট বৈঠক। বঙাইগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত সম্পন্ন কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত জানিবলৈ দিয়ে যে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি নতুন শিক্ষা নীতি  সম্পৰ্কত শীঘ্ৰে প্ৰকাশ পাব অধিসূচনা। নতুন শিক্ষা নীতি বলৱতৰ প্ৰয়োজনীয় আন্তঃগাঁথনি ২০২২ চনত প্ৰস্তুত কৰা হ’ব । নতুন শিক্ষা নীতিৰ যোগেদি শিক্ষাৰ সংস্কাৰ হ’ব। নতুন শিক্ষা নীতি অনুসৰি স্কুলীয়া শিক্ষা ব্যৱস্থা ৫+৩+৩+৪ আধাৰত  ১৫ টা শ্ৰেণীত হ’ব।প্ৰাক প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণীলৈ ৫ বছৰীয়া প্ৰথম শ্ৰেণীবন্ধন,
তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৩ বছৰীয়া দ্বিতীয় শ্ৰেণীবন্ধন, ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীলৈ ‘মধ্যমবৰ্গ’ তৃতীয় শ্ৰেণীবন্ধন আৰু নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণী ছিনিয়ৰ ছেকেণ্ডাৰী লৈ হ’ব শেষৰটো শ্ৰেণীবন্ধন। ১৫ বছৰ অতিক্ৰম কৰিলে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব বুলি মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।

২০২৩ চনৰ পৰা পাঠ্যপুথি উপলব্ধ হোৱাৰ লগতে প্ৰয়োজন অনুসৰি বিদ্যালয়ত যোগান ধৰা হ’ব ভাষাৰ পাঠ্যপুথি। ইফালে, নতুন শিক্ষা নীতি বলৱত হ’লে মেট্ৰিক অনুষ্ঠিত হ’ব যদিও পূৰ্বৰ গুৰুত্ব কমাৰ সম্ভাৱনা আছে বুলি উল্লেখ মুখ্যমন্ত্ৰী শৰ্মাৰ। নতুন শিক্ষা নীতি অনুসৰি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পাঠ্যক্ৰম। 

আনহাতে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি APSC ত এতিয়াৰে পৰা ভাষাৰ প্ৰশ্ন কাকত নাথাকিব। অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থকাৰ লগতে পৰীক্ষাৰ্থী অসমৰ বাসিন্দা হোৱাতো বাধ্যতামূলক। আনহাতে, পৰীক্ষাৰ্থীসকল মৌখিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সমান্তৰালকৈ ৰাজ্য ভাষা অথবা জনজাতীয় ভাষা ভালদৰে ক’ব পৰা হ’ব লাগিব।কেবিনেট বৈঠকত ভাষাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত অনুসৰি এই পৰীক্ষাৰ কাৰণে অসমীয়া নতুবা ৰাজ্যৰ যিকোনো জনগোষ্ঠীয় ভাষা এটা সলসলীয়াকৈ ক’ব পাৰিলেই হ’ব। কিন্তু মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰিছে যে, সহযোগী ৰাজ্যৰ ভাষা বাংলা জানিলেও APSCৰ পৰীক্ষাত বহাৰ সুযোগ পাব।অসমত যিহেতু হিন্দীভাষী মানুহৰ সংখ্যা বেছি, গতিকে হিন্দী জানিলেও হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। অৰ্থাৎ অসমীয়া নজনা হিন্দী আৰু বাংলাভাষী লোকেও বহিব পাৰিব APSCৰ পৰীক্ষা। অৰ্থাৎ, সকলো ভাষীয়েই APSC পৰীক্ষাত বহাৰ সুযোগ পাবI

Leave A Reply

Your email address will not be published.