danewsplus.com
danewsplus.com

বিৰোধী সমষ্টিৰ অংগনৱাড়ী কেন্দ্ৰলৈ কিয় মাহী আইৰ দৃষ্টি চৰকাৰৰ

0 305

ডিজিটেল ডেস্কঃ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি বিৰোধিৰ দখলত থকা সমষ্টিসমূহ৷ চৰকাৰী আঁচনিত বাৰে বাৰে বিৰোধী বিধায়কক বঞ্চিত কৰাৰ অভিযোগ বিৰোধী শিবিৰৰ৷ ক’ত কেনেকৈ বঞ্চিত বিৰোধী৷

চৰকাৰী আঁচনিত চলিছে নেকি ৰাজনীতি?
পুনৰ বঞ্চিত বিৰোধী বিধায়ক
অংগনৱাড়ী কেন্দ্ৰক লৈ মাহী আইৰ দৃষ্টি বিৰোধীৰ সমষ্টিত
অভিযোগ বিৰোধী দলপতিৰ

বিজেপিয়ে সদায় সবকা সাথ, সবকা বিকাশৰ কথা ক’লেও প্ৰকৃতাৰ্থত এয়া সত্যনে? ইয়াক লৈ তীব্ৰ চৰ্চা বিৰোধীৰ মহলত৷ পুনৰবাৰ চৰকাৰী আঁচনিৰ ক্ষেত্ৰত বিৰোধী পক্ষক বঞ্চিত কৰাৰ অভিযোগ বিৰোধী দলৰ৷

প্ৰসংগঃ অংগনৱাড়ী কেন্দ্ৰ স্থাপন
শাসক পক্ষৰ সমাহাৰত নাপালে বিৰোধীয়ে

অসম বিধানসভাত ঘোষণা হৈছিল সমগ্ৰ ৰাজ্যত স্থাপন হ’ব ১ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ৷ ২৫ লাখ টকা ব্যয়েৰে স্থাপন হ’ব ১০০০ টা অংগনৱাড়ী কেন্দ্ৰ৷ যাৰ বাবে প্ৰতিগৰাকী বিধায়কৰ ৮ৰ পৰা ১০টাকৈ অংগনৱাড়ী কেন্দ্ৰৰ নাম বিভাগক দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু বিভাগে প্ৰস্তুত কৰা তালিকা দেখিল চকু কপালত উঠিব আপোনাৰ৷

বঞ্চিত কৰা হ’ল বিৰোধীৰ বিধায়ক
দুটাকৈ কেন্দ্ৰ লৈ সন্তুষ্ট হ’বলগা হ’ল বিৰোধী বিধায়কসকল
শাসকীয় বিধায়কে পালে ৮ৰো অধিক কেন্দ্ৰ


কৰিমগঞ্জ ৩৩, হাইলাকান্দি ৬, কাছাৰ ৫৫, ডিমা হাছাও ১১
কাৰ্বি আংলং ৩৩, পশ্চিম কাৰ্বি আংলং ১১
দক্ষিণ শালমাৰা-মানকাচাৰ ৪, ধুবুৰী ১০, গোৱালপাৰা ৮
কোকৰাঝাৰ ২৪, চিৰাং ২২, বঙাইগাঁও ১৫, বৰপেটা ৩৪
কামৰূপ ৫৩, নলবাৰী ২৯, দৰং ১৭, মাজুলী ১১, ডিব্ৰুগড় ৭৭
তিনিচুকীয়া ৫৫, লখিমপুৰ ৪০

এইদৰে প্ৰতিখন জিলাই লাভ কৰিছে অংগনৱাড়ী কেন্দ্ৰ৷ কিন্তু বিৰোধীৰ দখলত থকা সমষ্টিসমূহক বঞ্চিত কৰাৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

BPFৰ হাতত থকা কলাইগাঁও সমষ্টিত ২টা
কংগ্ৰেছৰ হাতত থকা মঙলদৈ সমষ্টিত ২টা
AIUDFৰ হাতত থকা দলগাঁও সমষ্টিত ২টা
বিপৰীতে বিজেপিৰ হাতত থকা ছিপাঝাৰ সমষ্টিত ১১টা

অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ তালিকা প্ৰস্তুত হৈছে৷ এয়া মাত্ৰ এটা উদাহৰণহে৷ এনেদৰে বিৰোধী শিবিৰৰ হাতত থকা সমষ্টিসমূহ বঞ্চিত হৈছে চৰকাৰৰ এই আঁচনিৰ পৰা৷ যাক লৈ বিৰোধী মহলত অব্যাহত আছে তীব্ৰ চৰ্চা৷

Leave A Reply

Your email address will not be published.