danewsplus.com
danewsplus.com

হেমা মালিনীলৈ প্ৰদান কৰা হৈছে ২০২১ বৰ্ষৰ “Indian Film Personality” বঁটা

0 119

ডিজিটেল ডেস্ক: অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদ হোৱা হেমা মালিনীক ২১ নৱেম্বৰত গোৱাত অনুষ্ঠিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চলিত বৰ্ষৰ Indian Film Personality বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে তেওঁক এই সন্মান প্ৰদান কৰে। চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু অভিনেতা চলমান খানেও অংশগ্ৰহণ কৰিছিল।


বঁটা লাভৰ পিছত হেমা মালিনীয়ে তেওঁৰ অনুৰাগীসকলক উদেশ্যি কয় যে: “এই বঁটা হৈছে বহু বছৰ ধৰি মই কৰা শ্ৰমৰ ফল। এজন সাংসদ হিচাপেও, মই মথুৰাৰ বিভিন্ন কাম কৰোঁ। মোৰ কামে হয়তু দৰ্শকৰ ওপৰত প্ৰভাৱ পেলায় কিয়নো আগতে সকলোৱে মোক এগৰাকী নৃত্যশিল্পী আৰু চলচ্চিত্ৰ শিল্পী হিচাপে জানিছিল আৰু এতিয়া এগৰাকী সাংসদ হিচাপে সকলোৱে মোৰ কাম দেখিছে।

Leave A Reply

Your email address will not be published.