danewsplus.com
danewsplus.com

কেতিয়া অন্ত পৰিব কটনিয়ানৰ ‘গুণ্ডাগিৰি’!

0 431

ডিজিটেল ডেস্ক: কবিতা পুৰণি হ’ল!
আজৰি সময়ত কটনিয়ানে নিলিখে কবিতা!
হবি সলনি হৈছে কটনিয়ানৰ!
নতুন হবি ‘গুণ্ডাগিৰি’!


অসমৰ বৌদ্ধিক চৰ্চাৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰখ্যাত কটনৰ পৰিৱেশ এতিয়া কেনে? কটনৰ একাংশ হোষ্টেলৰ আবাসীয়ে শৈক্ষিক প্ৰতিষ্ঠানখনৰ গৌৰৱৰ কফিনত শেষ গজালটোও মাৰিবলৈ আগবাঢ়িছে নেকি?


কটনৰ হোষ্টেল এতিয়া চৰ্চাত থাকে মাৰপিটেৰে
শনিবাৰে নিশাও একাংশ কটনিয়ানৰ ‘গুণ্ডাগিৰি’
স্থান : MNDP হোষ্টেল আৰু ৰিজাৰ্ভ বেংকৰ মাজত
সময় : নিশা প্ৰায় ১২ বজাত
কাৰ্যালয়ৰপৰা ঘৰলৈ উভতি যোৱা সাংবাদিকক আক্ৰমণ
আক্ৰমণৰ মুখামুখি Da NEWS PLUSৰ সাংবাদিক


নিশাৰ বাতৰি শেষ কৰি ঘৰলৈ উভতা Da NEWS PLUSৰ সাংবাদিকৰ দল এটা সন্মুখীন হয় একাংশ যুৱকৰ। MNDP হোষ্টেলৰ কাষতে ৰাজপথেৰে যোৱা বিভিন্ন গাড়ী ৰখাই অশ্ৰাব্য গালি-গালাজ দি আছিল ৩০-৪০জনীয়া দলটোৱে।

মুখত অভিধানবৰ্জিত শব্দ
লগতে সুৰাৰ ভেকেটাভেকেট গোন্ধ


সেই সময়তে গৃহমুখী সাংবাদিকৰ পাঁচজনীয়া দলটোকো আগভেটি ধৰে দলটোৱে। Da NEWS PLUSৰ সাংবাদিকৰ ওপৰতো হাত তোলে দলটোৱে।এই ঘটনাৰ পাছতে সাংবাদিকৰ দলটো উপস্থিত হয় পাণবজাৰ থানাত। ঘটনা সম্পৰ্কে নিশাই এজাহাৰ দাখিল কৰা হয় থানাত।


কিন্তু কোনদিশে আৰক্ষীৰ তদন্ত?
কটনৰ হোষ্টেলৰ আবাসীৰ গুণ্ডামি নতুন কথা নহয়
বহু সময়ত গুণ্ডামিৰে সংবাদশীৰ্ষত থাকে একাংশ ছাত্ৰ
পূৰ্বেও সাংবাদিকৰ ওপৰত হাত তুলিছিল কটনৰ ছাত্ৰই


কটনিয়ানৰ আক্ৰমণৰ সন্মুখীন হৈছিল গুৱাহাটীৰ আন এটা নিউজ চেনেল DY365ৰ জ্যেষ্ঠ সাংবাদিক আফনুৰ আলী। কৰ্মৰত অৱস্থাতে আক্ৰমণৰ বলি হৈছিল সাংবাদিকজন। কিন্তু সাংবাদিকজনে আৰক্ষীক দিয়া গোচৰৰ তদন্ত কিমানদূৰ আগবাঢ়িল? কিবা সদোত্তৰ পালেনে জ্যেষ্ঠ সাংবাদিকজনে, শুনক তেওঁৰ মুখেৰেই। বৌদ্ধিক চৰ্চাৰে সংবাদ শিৰোনামত থকা কটন কলেজ এতিয়াৰ গৰিমাত কালিমা সানিছে একাংশ উতনুৱা ছাত্ৰই। বাৰে বাৰে সাংবাদিকক আক্ৰমণ, নিশা জৰুৰীকালীন সেৱাত কৰ্মৰত বিভিন্ন লোকক আক্ৰমণ এইসকল কটনিয়ানৰ বাবে যেন সৰু কথা।

অ’লা-উবেৰৰ চালকক প্ৰহাৰ কৰে ছাত্ৰই
ফাষ্টফুডৰ দোকান ভাঙে ‘প্ৰজ্ঞাৰ সাধকে’!


কটনৰ ছাত্ৰই ক’ৰপৰা পাইছে গুণ্ডাগিৰিৰ অঘোষিত অনুজ্ঞাপত্ৰ? ইটোৰ পাছত সিটো ঘটনা সংঘটিত হোৱাৰ পাছটো কিয় নিৰ্লিপ্ত বিশ্ববিদ্যালয়খন? নিশা কেনেকৈ ৰাজপথলৈ ওলাই আহি ছাত্ৰই সূচনা কৰে এনে অপ্ৰত্যাশিত ঘটনাৰ।


‘গুণ্ডামি’ৰ ধাৰাবাহিকতাৰ আঁৰত কি?
একাংশ কটনিয়ানৰ অহংকাৰ!
গুৰু-গোসাঁই নমনা স্বভাৱ!
নে অন্য কিবা?

কটনৰ মৰ্যাদাহনন কৰা উদণ্ড ছাত্ৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিয় বিশ্ববিদ্যালয়খনৰ প্ৰশাসনে?

বিশ্ববিদ্যালয়খনৰ প্ৰশাসনক সুধিছোঁ
আপোনালোক অসহায় নেকি?

Leave A Reply

Your email address will not be published.