danewsplus.com
danewsplus.com

পুত্ৰ অভিষেকৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন।

0 351


ডিজিটেল ডেস্ক: বলীউড অভিনেতা অমিতাভ বচ্চন “Bob Biswas” ৰ ট্ৰেইলাৰত যথেষ্ট প্ৰভাৱিত হৈছে। “Bob Biswas” হৈছে অভিষেক বচ্চনৰ আহিবলগীয়া ছবি। ছবিখন পৰিচালনা কৰিছে অন্নপূৰ্ণা ঘোষে। ছবিখনৰ প্ৰযোজনা সুজয় ঘোষ, গৌৰী খান আৰু গৌৰৱ বাৰ্মাৰ। “Bob Biswas” ৰ ট্ৰেইলাৰ শুক্ৰবাৰে মুকলি কৰা হৈছিল আৰু ইয়াৰ পিছতে অমিতাভ বচ্চন পুত্ৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে। অভিষেক বচ্চনক পুত্ৰ হিচাপে পাই যথেষ্ট সুখী বুলিও ইনষ্টাগ্ৰামত প’ষ্ট শ্বেয়াৰ কৰিছে অমিতাভ বচ্চনে।


অমিতাভ বচ্চনে অভিষেকক প্ৰশংসা কৰাৰ লগে লগে তেওঁৰ অনুৰাগী সকলেও এতিয়া চছিয়েল মিডিয়া যোগে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে অভিষেক বচ্চনলৈ।

Leave A Reply

Your email address will not be published.