danewsplus.com
danewsplus.com

উপযুক্ত পাত্ৰৰ সন্ধানত হাজোৰ কুমাৰীসকলে আয়োজন কৰিলে চৰাই পূজা

0 310


ডিজিটেল ডেস্ক: আঘোণৰ পূৰ্ণিমা নিশা চৰাই পূজাক লৈ ব্যস্ত তীৰ্থ নগৰী হাজোৰ কুমাৰীসকল। এজন উপযুক্ত পাত্ৰ বিচাৰি ভগৱানৰ ওচৰত শৰণাপন্ন হৈছে হাজোৰ কুমাৰীসকল। পূৰ্বৰে পৰা চৰাই পূজাৰ পৰম্পৰা চলি আহিছে তীৰ্থ নগৰী হাজোত।

চৰাই পূজা উপলক্ষে পূৰ্ণিমাৰ দিনা পুৱাৰে পৰা উপবাসে থাকি কাত্যায়িনী ব্ৰত পালন কৰে কুমাৰীসকলে। সম্পূর্ণ বৈদিক ৰীতি-নীতিৰে পালন কৰা হয় হাজোৰ চৰাই পূজা। পূৰ্ণিমাৰ নিশা পুৰোহিতৰ মন্ত্ৰোধ্বনি আৰু কুমাৰীসকলৰ উৰুলিৰে মুখৰিত হয় পূজাস্থলী।

পূজাৰ বাবে ৰঙ-বিৰঙী চৰাইসমূহ হাজোৰ ঐতিহাসিক মদনাচল পাহাৰৰ পৰা অনা মাটিৰে সাজি উলিওৱা হয়। হাজোৰ বহু কুমাৰীয়ে এই পূজাৰ জৰিয়তে পাইছে উপযুক্ত পাত্ৰও। বৰ্তমান সময়ত হাজোৰ কুমাৰীসকলে আয়োজন কৰা এই পূজাই সকলোৰে মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.